গহপুৰৰ ভোলা গুৰীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ
বিশ্বনাথ, ১৩ নৱেম্বৰ (হি.স.)। এখন ‘আত্মনিৰ্ভৰ অসম’ গঢ়ি তোলাৰ লক্ষ্য়ৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি গহপুৰৰ ভোলা গুৰীত সমষ্টিটোৰ ৩৬৮৫৭ গৰাকী মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই উপলক্ষ্য়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শ
গহপুৰৰ ভোলা গুৰীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ


বিশ্বনাথ, ১৩ নৱেম্বৰ (হি.স.)। এখন ‘আত্মনিৰ্ভৰ অসম’ গঢ়ি তোলাৰ লক্ষ্য়ৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি গহপুৰৰ ভোলা গুৰীত সমষ্টিটোৰ ৩৬৮৫৭ গৰাকী মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই উপলক্ষ্য়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত এটা আৰম্ভণি। তেওঁ কয়, যে আত্মসহায়ক গোটৰ সদস্যা সকলক লাখপতি বাইদেউলৈ উন্নীত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বিশ্বনাথ জিলাৰ গহপুৰৰ ভোলা গুৰীত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক উদ্যমিতা পুঁজিৰ ধন বিতৰণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে।

অসমৰ নাৰী সমাজে ৰাজ্যত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, যে ভৱিষ্যতে ৪০ লাখ মহিলাই ৮৫ হাজাৰ টকা পৰ্যন্ত উদ্যমিতা পুঁজি লাভ কৰিলে অসমৰ গ্ৰাম্য অৰ্থনীতিত নিশ্চিতভাৱে যুগান্তকাৰী পৰিৱৰ্তন আহিব। গহপুৰৰ ভোলা গুৰীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত সমষ্টিটোৰ ৩৬৮৫৭ গৰাকী মহিলাই 10 হাজাৰ টকাৰ চেক লাভ কৰিব। মহিলা সকলক আত্মনিৰ্ভৰ কৰি তোলাৰ এই পদক্ষেপৰ জৰিয়তে এক সজীৱ পৰিৱেশ তন্ত্ৰক লালন-পালন কৰিছে বুলিও মুখ্য়মন্ত্ৰীয়ে উল্লেখ কৰে।

ইফালে সাংবাদিকৰে বাৰ্তালাপত শেহতীয়াকৈ বিৰোধীৰ মিত্ৰতা প্ৰসংগত মুখ্য়মন্ত্ৰী শৰ্মাই তিনি গগৈ তিনি গগৈয়ে হৈ থাকিব, একো কৰিব নোৱাৰে, হাৰি থাকিব বুলি মন্তব্য় কৰে। লগতে কয় যেতৰংগ গগৈ সহ আমাৰ গগৈ সকল জিকি থাকিব সেই সকল গগৈ হাৰিব। ইফালে যোৱা কালিৰ বিৰোধীৰ মিত্ৰতাৰ মিটিং খন কেৱল এখন বিয়াৰ আলোচনাৰ মিটিং হে আছিল বুলিও কটাক্ষ কৰে মুখ্য়মন্ত্ৰী শৰ্মাই। আনহাতে গৌৰব গগৈ পাকিস্তানৰ আইএছআইৰ এজন এজেণ্ট তথা তেওঁৰ ঘৈণীয়েক বেছি এজেণ্ট বুলি উল্লেখ কৰি এইক্ষেত্ৰত বহু প্ৰমাণ হাতত মজুত আছে বুলিও উল্লেখ কৰে। ইফালে মনত কষ্ট লৈহে দিল্লী বোমা বিস্ফোৰণৰ বিষয়ে শেহতীয়াকৈ গৌৰব গগৈয়ে গৰিহণা দিছে বুুলি উল্লেখ কৰি মুখ্য়মন্ত্ৰীয়ে লগতে যিদিনা খন অসমত বিজেপি চৰকাৰ যাব, কংগ্ৰেছ চৰকাৰ আহিব তেতিয়া জনগাঠনিৰ পৰিবৰ্তন হ‘ব বুলি উল্লেখ কৰে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande