
নতুন দিল্লী, ১৩ নৱেম্বৰ (হি.স.)। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বৃহস্পতিবাৰে দিল্লী পৰিবহণ নিগমৰ নতুন বৈদ্যুতিক বাছ সেৱা মহাৰাণা প্ৰতাপ (কাশ্মীৰ গেট) আই এছ বি টিৰ পৰা হাৰিয়ানাৰ শোনিপটলৈ ফ্লেগ অফ কৰে।
দিল্লীৰ পৰা শোনিপটলৈ নতুন আন্তঃৰাজ্যিক বাছ সেৱা আৰম্ভ হোৱাটোৱে জনসাধাৰণৰ সুবিধাৰ প্ৰতি আমাৰ দায়বদ্ধতা আৰু অধিক শক্তিশালী কৰি তুলিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই আধুনিক, নিৰাপদ, আৰু পৰিৱেশ অনুকূল ইভি বাছে ৰাজধানী আৰু হাৰিয়ানাৰ মাজত যাত্ৰা অধিক নিৰৱচ্ছিন্ন, দ্ৰুত আৰু নিৰ্ভৰযোগ্য কৰি তুলিব।
দিল্লী আৰু চুবুৰীয়া ৰাজ্যৰ মাজত বাছ সেৱা পূৰ্বতে আছিল যদিও পিছত বন্ধ কৰা হয় বুলিও কয় ছানীয়ে। এতিয়া দিল্লী চৰকাৰে ক্ৰমান্বয়ে বৰ্তমানৰ সকলো পথতে বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। ছেপ্টেম্বৰ মাহত উত্তৰ প্ৰদেশৰ বৰাউতলৈ ই-বাছ সেৱা আৰম্ভ হোৱাৰ পিছতে দিল্লী-শোনিপাট ই-বাছ সেৱা এই দিশত আন এক পদক্ষেপ।
তেওঁ কয় যে দিল্লী চৰকাৰে পৰিৱেশ অনুকূল আৰু প্ৰদূষণমুক্ত ৰাজহুৱা পৰিবহণ সুনিশ্চিত কৰাৰ বাবে ডিটিচিৰ বহৰত বৈদ্যুতিক বাছ নিৰন্তৰ সংযোজন কৰি আছে। তেওঁ কয় যে আমাৰ লক্ষ্য হৈছে দিল্লীৰ সকলো ৰাজহুৱা পৰিবহণ অতি সোনকালে সম্পূৰ্ণ নিৰ্গমনমুক্ত কৰা, যাৰ ফলত ৰাজধানীত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ আৰু অধিক শক্তিশালী কৰা হ’ব।
এই উপলক্ষে দিল্লীৰ পৰিবহণ মন্ত্ৰী পংকজ কুমাৰ সিং আদিও উপস্থিত থাকে।
हिन्दुस्थान समाचार / অৰৱিন্দ