
বৰপেটা, ১৩ নৱেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিচতে সামাজিক মাধ্যমৰ ওপৰত অসম আৰক্ষীয়ে ৰাখিছে শেণ দৃষ্টি। দিল্লী বিস্ফোৰণত জড়িত জেহাদীক সমৰ্থন জনাই বৰপেটাৰোডত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল কংগ্ৰেছ বিধায়কৰ সম্পৰ্কীয় ভাতৃ এজন।
বৰপেটাৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কংগ্ৰেছ বিধায়কৰ সম্পৰ্কীয় ভাতৃ যুৱকজনৰ নাম ৰকিবুল চুলতান বুলি জানিব পৰা গৈছে। ধৃত ৰকিবুল চুলতানৰ ঘৰ বৰপেটাৰোডৰ গান্ধাৰীপাৰাত।
ৰকিবুল চুলতান বৰপেটাৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ মোমায়েকৰ পুত্ৰ। বিধায়ক আব্দুৰ ৰহিম আহমেদৰ ঘৰৰ সমীপতে ৰকিবুল চুলতানৰো ঘৰ । দিল্লী বিস্ফোৰণৰ ঘটনাক সামাজিক মাধ্যমত সমৰ্থনৰ অভিযোগত বৰপেটাৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক। বৰপেটাৰোড আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ গোচৰ নং ১২২/২৫ u/s ১৯৬(১)/১২৫/৩৫২/৩৫৩(২)ৰ অধীনত গ্ৰেপ্তাৰ কৰে যুৱকজনক ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা