

যোৰহাট, ১০ নৱেম্বৰ (হি.স.)। বিপ্লৱী দাসৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী। শ শ লোকে তিতাবৰ থানা ঘেৰাও কৰি সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি।
আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদকাৰীৰ। তিতাবৰৰ পৰিস্থিতি শান্ত কৰিবলৈ অৱশেষত উপস্থিত যোৰহাটৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক ।
এই জঘন্য কাণ্ডৰ লগত জৰিত হত্যাকাৰী জগত সিঙৰ লগতে আৰু তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি সংবাদ মাধ্যমক জনাইছে। অপৰাধী জগত সিঙৰ বাসগৃহত থকা অবৈধ বেজ-বেজালি কৰা আশ্ৰমখনৰ ওপৰতো তদন্ত হ'ব বুলি ঘোষণা উপায়ুক্তগৰাকীৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু