
নতুন দিল্লী, ১০ নৱেম্বৰ (হি.স)। বিশ্বৰ অটোমোটিভ উদ্যোগ সংস্থা অ’আইচিএই সোমবাৰে ছ’চাইটি অৱ ইণ্ডিয়ান অটোমোবাইল মেনুফেকচাৰ্ছৰ সভাপতি শৈলেশ চন্দ্ৰক নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ কথা ঘোষণা কৰে।
অ’আইচিএই এক বিবৃতিত কয় যে ছ’চাইটি অৱ ইণ্ডিয়ান অটোম’বাইল মেনুফেকচাৰ্ছৰ সভাপতি শৈলেশ চন্দ্ৰক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব তেওঁৰ কাৰ্যকাল।তেওঁ এলায়েন্স ফৰ অটোমোটিভ ইনোভেচন (আমেৰিকা)ৰ সভাপতি তথা মুখ্য কাৰ্যবাহী বিষয়া জন ব’জেলাৰ পিছত কাৰ্যকৰী হ’ব।
দেশৰ আগশাৰীৰ অটোম’বাইল নিৰ্মাতাসকলক প্ৰতিনিধিত্ব কৰা সংস্থা ছিয়ামৰ অধ্যক্ষ তথা টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছৰ এমডি আৰু চিইঅ’ শৈলেশ চন্দ্ৰই এক বিবৃতিত কয় যে ভাৰতৰ পৰা প্ৰথমজন অ’আইচিএৰ সভাপতি হোৱাটো এক সন্মানৰ কথা, যিয়ে সংস্থাটোৰ বিশ্বব্যাপী প্ৰতিনিধিত্বক প্ৰতিফলিত কৰে। তেওঁ লগতে কয় যে বিশ্বৰ চৰকাৰসমূহৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি বিশ্বব্যাপী অটোমোটিভ উদ্যোগে বহনক্ষম গতিশীলতাৰ দিশত আগবাঢ়ি যোৱাৰ লগতে ‘নেট জিৰ’’ৰ লক্ষ্যত উপনীত হোৱাৰ লগে লগে অ’আইচিএৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে। চন্দ্ৰাই আমাৰ বাহনসমূহক অধিক আকাংক্ষিত, নিৰাপদ আৰু পৰিৱেশ অনুকূল কৰি তুলিবলৈ সামূহিকভাৱে চেষ্টা কৰাৰ সময়ত বিভিন্ন খণ্ডত বৈচিত্ৰ্যক আকোৱালি লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ