ৰামদিয়াত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালৰ বাবে নতুন ৰাজ সাহায্যযুক্ত খাদ্য সামগ্ৰী বিতৰণ
কামৰূপ, ১০ নৱেম্বৰ (হি.স.)। কামৰূপ জিলাৰ অধীনস্থ ১৬৪৯ খন সুলভ মূল্যৰ দোকানৰ ১২,৭১,২৪১ হিতাধিকাৰীলৈ ৰাজসাহায্যযুক্ত খাদ্য সামগ্ৰী বিতৰণ কৰা হব। আজি কেন্দ্ৰীয় ভাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ডধাৰী পৰিয়ালক ৰাজ সাহায্য যুক্ত সূলভ মূ
ৰামদিয়াত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালৰ বাবে নতুন ৰাজ সাহায্যযুক্ত খাদ্য সামগ্ৰী বিতৰণ


কামৰূপ, ১০ নৱেম্বৰ (হি.স.)। কামৰূপ জিলাৰ অধীনস্থ ১৬৪৯ খন সুলভ মূল্যৰ দোকানৰ ১২,৭১,২৪১ হিতাধিকাৰীলৈ ৰাজসাহায্যযুক্ত খাদ্য সামগ্ৰী বিতৰণ কৰা হব। আজি কেন্দ্ৰীয় ভাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ডধাৰী পৰিয়ালক ৰাজ সাহায্য যুক্ত সূলভ মূল্যৰ জৰিয়তে প্ৰদান কৰিবলগীয়া মচুৰ দাইল,চেনী আৰু নিমখ বিতৰণৰ শুভাৰম্ভ কৰা হৈছে। সকলো ৰেচন কাৰ্ডধাৰী পৰিয়াল সমূহে সুলভ মূল্যত প্ৰতি ৰেচন কাৰ্ডৰ বিপৰীতে ১কিলো চেনী ৩৮ টকা,এক কিলো মচুৰ দাইল ৬৯ টকা আৰু ১ কিলো নিমখ ১০ টকাত লাভ কৰিব।

উক্ত কার্যসূচীৰ জৰিয়তে মুঠ ৩,৯৩,৬৬৩ ৰেচন কাৰ্ডৰ গৰাকীক সামৰি লোৱা হৈছে আৰু ১২,৭১,২৪১ লক্ষাধিক হিতাধিকাৰী পৰিয়াল লাভবান হ’ব । ৰেচন কাৰ্ডধাৰী পৰিয়াল সমূহে মচুৰ দাইল – প্ৰতি কিলোগ্ৰাম ৬৯ টকা, চেনী – প্ৰতি কিলোগ্ৰামত ৩৮ টকা আৰু নিমখ– প্ৰতি কিলোগ্ৰাম ১০ টকা দৰত ক্ৰয় কৰিব পাৰিব। সমান্তৰালভাৱে হাজোৰ ৰামদিয়া উজানকুড়িৰ ৰাজীৱ ভাণ্ডাৰ সুলভ মূল্যৰ দোকান খনত মিনুছ আলীয়ে হিতাধিকাৰীৰ মাজত নতুন ৰাজসাহায্য় যুক্ত খাদ্য সামগ্ৰীৰ বিতৰণৰ শুভাৰম্ভ কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande