
কামৰূপ, ১০ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰৰ যোগাযোগ বিভাগৰ অন্তৰ্গত ডাকঘৰ সমূহক উন্নত কৰাৰ বিভিন্ন পদক্ষেপ লোৱাৰ সময়তে,ৰঙিয়াত থকা মুখ্য কাৰ্যালয়ত নাই নূন্যতম সা সুবিধা ।
কাৰ্যালয়টোত আজি কেবাদিন ধৰি নাই স্পীড পষ্টত লগোৱা বাৰকোড।যাৰ ফলত বিভিন্ন চৰকাৰী চাকৰিৰ আবেদন তথা নথি পত্ৰ সমূহ পঠিয়াব পৰা নাই ৰাইজে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই কাৰ্যালয়টোত বহু সময়ত নাথাকে নূন্যতম সুবিধা আৰু লগতে ইয়াৰ কৰ্মচাৰী সমূহে ৰাইজক ভাল সেৱা প্ৰদান নকৰে । চৰকাৰক এই ক্ষেত্ৰত উচিত ব্যবস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাই স্থানীয় ৰাইজে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ