চীনে এবছৰৰ বাবে স্থগিত ৰাখিছে আমেৰিকাৰ জাহাজত বিশেষ বন্দৰ মাচুল
বেইজিং, ১০ নৱেম্বৰ (হি.স.)। চীনৰ পৰিবহণ মন্ত্ৰালয়ে সোমবাৰে ঘোষণা কৰে যে আমেৰিকাৰ উদ্যোগ, সংস্থা আৰু ব্যক্তিৰ মালিকানাধীন বা পৰিচালিত জাহাজৰ বিশেষ বন্দৰ মাচুল এবছৰৰ বাবে স্থগিত কৰি দিছে। এই মাচুলৰ নিলম্বন কাৰ্যকৰী হয় দুপৰীয়া ১:০১ বজাত স্থানীয় সম
चीन के राष्ट्रपति शी जिनपिंग


বেইজিং, ১০ নৱেম্বৰ (হি.স.)। চীনৰ পৰিবহণ মন্ত্ৰালয়ে সোমবাৰে ঘোষণা কৰে যে আমেৰিকাৰ উদ্যোগ, সংস্থা আৰু ব্যক্তিৰ মালিকানাধীন বা পৰিচালিত জাহাজৰ বিশেষ বন্দৰ মাচুল এবছৰৰ বাবে স্থগিত কৰি দিছে।

এই মাচুলৰ নিলম্বন কাৰ্যকৰী হয় দুপৰীয়া ১:০১ বজাত স্থানীয় সময় অনুসৰি সোমবাৰে।

ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি পৰিবহণ মন্ত্ৰালয়ে চীনৰ জাহাজ আৰু জাহাজ নিৰ্মাণ খণ্ডৰ লগতে আনুষংগিক ঔদ্যোগিক আৰু যোগান শৃংখলৰ নিৰাপত্তা আৰু উন্নয়নৰ স্বাৰ্থক কেনেদৰে প্ৰভাৱিত কৰে তাৰ তদন্ত এবছৰৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে।

মন্ত্ৰালয়ে জনোৱা মতে, শেহতীয়াকৈ মালয়েছিয়াৰ কুৱালালামপুৰত চীন-আমেৰিকাৰ অৰ্থনৈতিক আৰু বাণিজ্যিক আলোচনাৰ সময়ত হোৱা একমত অনুসৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

উল্লেখযোগ্য যে চীনৰ জাহাজ নিৰ্মাণ উদ্যোগৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনৰ হেঁচা অব্যাহত থকাৰ সময়তে চীনে এই ঘোষণা কৰিছে। তদন্ত স্থগিত ৰখাৰ লগে লগে এই কথা প্ৰকাশ কৰিছে। আমেৰিকাৰ বন্দৰত চীনৰ জাহাজৰ ওপৰত আৰোপ কৰা অতিৰিক্ত শুল্কৰ সৈতে জড়িত ৩০১ ধাৰা শুল্কও স্থগিত ৰাখিছে আমেৰিকাই।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰৰ মতে, এই নিলম্বন দুয়োখন দেশৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ লগতে বিশ্বৰ যোগান শৃংখল সুস্থিৰ কৰাৰ প্ৰচেষ্টা। আমি আশা কৰোঁ আমেৰিকাইও একেধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব।

চীনৰ এই পদক্ষেপক আদৰণি জনাইছে আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ কাৰ্যালয়ে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande