
মানকাচৰ, ১০ নৱেম্বৰ (হি.স.)। ফকিৰাগঞ্জত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ নিচাজাতীয় ড্ৰাগছ সহ মহিলাক গ্ৰেপ্তাৰ।
ফকিৰগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপ জ্যোতি ৰয়ৰ নেতৃত্বত আৰক্ষীৰ সজাতি দলৰ লগতে গাওঁৰক্ষী বাহিনীয়ে গোপন সুত্ৰৰ পম খেদি ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত ধাপানপাৰা গাঁৱৰ ইকবাল হুছেইনৰ ঘৰত আজি অভিযান চলাই বৃহৎ পৰিমানৰ নিচাজাতীয় দ্ৰব্য সহ তেওঁৰ ঘৈনীয়েক ৰকিয়া খাতুনক আটক কৰে। আটকাধীন মহিলা গৰাকী ঘৰত আৰক্ষীয়ে ১৮ টা হি'ৰইনৰ কন্টেইনাৰ আৰু ১ লাখ ৯ হাজাৰ ৬ শ ৩০ টকা জব্দ কৰে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ