
কাছাৰ, ১০ নৱেম্বৰ (হি.স.): গোপন সূত্ৰৰ ভিত্তিত কাছাৰ জিলাত আচাম ৰাইফেলছ আৰু কাছাৰ আৰক্ষীয়ে এক যৌথ অভিযান চলাই মাদক দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত এগৰাকী ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। আচাম ৰাইফেলছৰ সূত্ৰে জনোৱা অনুসাৰে, ৰবিবাৰে নিশা শিলচৰ বাইপাছ ৰোডত চলিত বিশেষ অভিযানত আৰক্ষীয়ে ৰাহুল আমিন নামৰ এজন লোকক আটক কৰে। তেওঁ শিলচৰ পঞ্চায়ত ৰোডৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
আটক ব্যক্তিজনৰ পৰা উদ্ধাৰ কৰা হৈছে ২০,০০০টা ইয়াবা টেবলেট, যাৰ বজাৰমূল্য প্ৰায় ৬ কোটি টকা। লগতে তেওঁৰ পৰা এখন মোবাইল ফোনো জব্দ কৰা হৈছে। প্ৰাথমিক তদন্তত সন্দেহ কৰা হৈছে যে, ইয়াবা টেবলেটসমূহ বাংলাদেশ সীমান্ত এলেকালৈ সৰবৰাহৰ উদ্দেশ্যে আহি আছিল। এই সম্পৰ্কে কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেন সোমবাৰে এক সাংবাদিক সম্মিলনত কয় — আটক কৰা ব্যক্তিক সোধা–পোছা চলি আছে। এই ঘটনাৰ সৈতে জড়িত থকা মাদক দ্ৰব্য সৰবৰাহ চক্ৰৰ আন সদস্যসকলক চিনাক্ত কৰাৰ চেষ্টা চলি আছে। এই সন্দৰ্ভত তদন্ত চলি আছে।”
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ