
নগাঁৱ, ১০ নৱেম্বৰ (হি.স.)। নগাঁও কংগ্ৰেছ দলত যোগদান কাৰ্যসূচী। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো সোমবাৰে কংগ্ৰেছ দলত যোগদান কৰিলে সাত শতাধিক লোকে ৷ সোমবাৰে নগাঁৱৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত বহু সংখ্যক নতুন ভোটাৰেও যোগদান কৰা পৰিলক্ষিত হয়। নগাঁও জিলাৰ বিভিন্ন মণ্ডলৰ পৰা আহি কংগ্ৰেছত যোগদান কৰা এই সকল লোকৰ ভিতৰত বহু সংখ্যক লোকে ভাৰতীয় জনতা দলৰ বিভিন্ন পদবী আনুষ্ঠানিক ভাৱে পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে।
আনহাতে ৰাজ্য চৰকাৰৰ মীন বিভাগৰ অভিযন্তা পদৰ পৰাও পদত্যাগ কৰিও এগৰাকে লোকে কংগ্ৰেছত যোগদান কৰাৰ সমান্তৰালভাৱে বহু কেইজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়েও সোমবাৰৰ এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলটোত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷ সোমবাৰৰ এই অনুষ্ঠানত নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ লগতে ৰূপহীৰ বিধায়ক নুৰুল হুদা আৰু জিলা পৰ্যায়ৰ বহু সংখ্যক কংগ্ৰেছ নেতা কৰ্মী উপস্থিত থাকে। অনুষ্ঠানৰ শেষত সংবাদ কৰ্মীৰে হোৱা মুখামুখিত সাংসদ প্ৰদ্যুত বৰদলৈয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে শেহতীয়াকৈ ৰাজ্য চৰকাৰে সুলভ মূল্যত হিতাধিকাৰীক যোগান ধৰা খাদ্য সামগ্ৰী সন্দৰ্ভতো চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু