
কোকৰাঝাৰ, ১০ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালৰ বাবে গোসাঁইগাঁৱত আজি নতুন ৰাজ সাহায্যযুক্ত খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ গুৱাহাটীৰ খানাপাৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰা ৰাজসাহায্য যুক্ত খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি গোসাঁইগাঁৱত হিতাধিকাৰীক ৰাজসাহায্য যুক্ত দাইল, চেনী আৰু নিমখ বিতৰণ আৰম্ভ কৰা হৈছে৷
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ খানাপাৰাত আয়োজিত কাৰ্যসূচীৰ পোনপোটীয়াকৈ সম্প্ৰচাৰ প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰা হয়৷ গোসাঁইগাঁও সদৰ চহৰৰ গ্ৰাহক আৰু পাইকাৰী সমবায় সমিতি কাৰ্যালয়ত আয়োজিত ৰাজসাহায্য যুক্ত খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত ই এম মৃত্যুঞ্জয় নাৰ্জাৰী, বিধায়ক জিৰণ বসুমতাৰী, অসম চৰকাৰৰ খাদ্য ,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এ ডি চি উত্তম নাজিৰ উপস্থিত থাকে৷ খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টিৰ নিশ্চিতলৈ অন্ন সেৱা দিন হিচাপে ৬৯ টকাত মচুৰ দাইল ৬৯ , ৩৮ টকাত চেনি আৰু ১০ টকা কেজিত নিমখ যোগান ধৰা হয়৷ আনহাতে ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা মচুৰ দাইল ৬০ টকা ,চেনি ৩০ টকা ,নিমখ ১০ টকাত উপলব্ধ হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা সন্দৰ্ভত ৰাইজৰ আগত প্ৰকাশ কৰে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ