কেন্দ্ৰীয় বাজেট ২০২৬-২৭ৰ বাবে অৰ্থনীতিবিদসকলৰ সৈতে সীতাৰমণৰ প্ৰাক বাজেট পৰামৰ্শ বৈঠক
নতুন দিল্লী, ১০ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সভাপতিত্বত সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে আগন্তুক কেন্দ্ৰীয় বাজেট ২০২৬-২৭ সন্দৰ্ভত প্ৰথমখন বাজেটৰ পূৰ্বে আলোচনা বৈঠক অনুষ্ঠিত হয়। ১ ফে
अर्थशास्त्रियों के साथ पहली बजट-पूर्व परामर्श बैठक करते निर्मला सीतारमण


अर्थशास्त्रियों के साथ पहली बजट-पूर्व परामर्श बैठक करते निर्मला सीतारमण


নতুন দিল্লী, ১০ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সভাপতিত্বত সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে আগন্তুক কেন্দ্ৰীয় বাজেট ২০২৬-২৭ সন্দৰ্ভত প্ৰথমখন বাজেটৰ পূৰ্বে আলোচনা বৈঠক অনুষ্ঠিত হয়। ১ ফেব্ৰুৱাৰীত সংসদত বাজেট দাখিল কৰাৰ কথা আছে যদিও আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই।

এক্স-পোষ্টত প্ৰকাশ কৰা এক বিবৃতিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে উল্লেখ কৰিছে যে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব ড° ভি অনন্ত নাগেশ্বৰন আৰু ভাৰত চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা (চি ই এ)ৰ লগতে ডি ই এৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে।

মন্ত্ৰালয়ে এক বিবৃতিত কয় যে বাজেটৰ পূৰ্বে আলোচনা বাজেট প্ৰস্তুত প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংশ, কেন্দ্ৰীয় বাজেট চূড়ান্ত কৰাৰ পূৰ্বে চৰকাৰে বিভিন্ন খণ্ডৰ অংশীদাৰসকলৰ পৰা বৈচিত্ৰ্যপূৰ্ণ দৃষ্টিভংগী লাভ কৰাৰ সুযোগ প্ৰদান কৰে।

মন কৰিবলগীয়া যে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট হ’ব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ একেৰাহে নৱম বাজেট। বিত্ত মন্ত্ৰালয়ৰ শেহতীয়া মাহেকীয়া অৰ্থনৈতিক পৰ্যালোচনা অনুসৰি চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত (জুলাই-ছেপ্টেম্বৰ) ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাইছে, যদিও আগষ্ট মাহত আমেৰিকাই ভাৰতৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande