নগাঁও জিলাৰ কংগ্ৰেছ কমিটিৰ যোগদান কাৰ্য‍্যসূচীত যুৱনেতা ডঃ অসীম কুমাৰ দাসৰ যোগদান
নগাঁও, ১০ নৱেম্বৰ (হি.স.)। নগাঁও ৰাজীৱ ভৱনত আজি অনুষ্ঠিত হোৱা নগাঁও জিলাৰ কংগ্ৰেছ কমিটিৰ যোগদান কাৰ্য‍্যসূচীত যুৱনেতা ডঃ অসীম কুমাৰ দাসে প্ৰায় তিনি শতাধিক লোকৰ সৈতে এক বিশাল সমদল লৈ ঘাহিৰ পৰা নগাঁও ৰাজীৱ ভৱনত উপস্থিত হৈ নগাঁও জিলাৰ কংগ্ৰেছ কমিটিৰ
নগাঁও জিলাৰ কংগ্ৰেছ কমিটিৰ যোগদান কাৰ্য‍্যসূচীত যুৱনেতা ডঃ অসীম কুমাৰ দাসৰ যোগদান


নগাঁও, ১০ নৱেম্বৰ (হি.স.)। নগাঁও ৰাজীৱ ভৱনত আজি অনুষ্ঠিত হোৱা নগাঁও জিলাৰ কংগ্ৰেছ কমিটিৰ যোগদান কাৰ্য‍্যসূচীত যুৱনেতা ডঃ অসীম কুমাৰ দাসে প্ৰায় তিনি শতাধিক লোকৰ সৈতে এক বিশাল সমদল লৈ ঘাহিৰ পৰা নগাঁও ৰাজীৱ ভৱনত উপস্থিত হৈ নগাঁও জিলাৰ কংগ্ৰেছ কমিটিৰ যোগদান কৰে ।

তেওঁ সংকল্পবদ্ধ হৈ কংগ্ৰেছ দলৰ হৈ ৰাইজৰ হকে কাম কৰি যাম বুলি দৃঢ়প্ৰতিজ্ঞ হৈ ৰাইজৰ আশীৰ্বাদ কামনা কৰে । উক্ত সভাত নগাঁও জিলাৰ সাংসদ প্ৰদ্যুত বৰদলৈ উপস্থিত থাকি দলৰ প্ৰগতি সম্পৰ্কে সাৰুৱা বক্তব্য প্ৰদান কৰে আৰু আজিৰ যোগদান কৰা সকলো নতুনসদস্যলৈ উষ্ম আদৰণি জনায় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande