
বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ বৰ্তমান মুম্বাইৰ ব্ৰিচ কেণ্ডী হাস্পতালত চিকিৎসালয়ত ভৰ্তি হৈ আছে। চিকিৎসকে তেওঁক অহৰহ নিৰীক্ষণ কৰি আছে। এতিয়া ক্ৰমান্বয়ে তেওঁৰ স্বাস্থ্যৰ উন্নতি ঘটিছে। সোমবাৰে একাংশ বাতৰিত ধৰ্মেন্দ্ৰক ভেণ্টিলেটৰ লগোৱা বুলি দাবী কৰা হৈছিল যদিও তেওঁৰ দলটোৱে এই খবৰসমূহ সম্পূৰ্ণ উৰাবাতৰি বুলি খাৰিজ কৰে।
টিমে স্বাস্থ্য আপডেট প্ৰদান কৰে
ধৰ্মেন্দ্ৰৰ দলটোৱে অভিনেতাজনৰ অৱস্থা সুস্থিৰ আৰু চিকিৎসকৰ তত্বাৱধানত থকা বুলি উল্লেখ কৰিছে। দলটোৱে কয়, ধৰমেন্দ্ৰ জীৰ স্বাস্থ্যৰ উন্নতি হৈছে, চিন্তাৰ কোনো কাৰণ নাই। ভেণ্টিলেটৰত থকাৰ খবৰ, কিছুমান সংবাদ মাধ্যমত প্ৰচাৰিত হোৱা খবৰটো মিছা। দলটোৱে অনুৰাগীসকলক উৰাবাতৰিক আওকাণ কৰি তেওঁৰ সোনকালে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰিবলৈও আহ্বান জনায়।
ছ’চিয়েল মিডিয়াত ধৰ্মেন্দ্ৰৰ বাবে শুভাকাংক্ষাৰে ঢাল খাইছে ধৰ্মেন্দ্ৰৰ অনুৰাগীয়ে। বহুতে পুৰণি ফটো আৰু ফিল্ম ক্লিপ শ্বেয়াৰ কৰি বলীউডৰ হি-মেন জনৰ আশু আৰোগ্য আৰু ঘৰলৈ উভতি অহাৰ কামনা কৰিছে।
ৱৰ্কফ্ৰন্ট
কৰ্মক্ষেত্ৰত ধৰ্মেন্দ্ৰক অতি সোনকালে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক শ্ৰীৰাম ৰাঘৱনৰ ছবি এক্কিছত দেখা যাব। পৰম বীৰ চক্ৰ বিজয়ী দ্বিতীয় লেফটেনেণ্ট অৰুণ খেতাৰপালৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখন। ইয়াৰ উপৰিও অগস্ত্য নন্দ, জয়দীপ আহলাৱত, ছিমাৰ ভাটিয়াৰ দৰে অভিনেতাৰ সৈতে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব। বৰ্তমান অনুৰাগী আৰু সহযোগী চলচ্চিত্ৰ জগতৰ অভিনেতাসকলে ধৰ্মেন্দ্ৰৰ শীঘ্ৰে আৰোগ্য লাভৰ আশা কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ