গুৱাহাটী মহানগৰীৰ শ্ৰীমন্তপুৰত মৃতদেহ উদ্ধাৰ
গুৱাহাটী, ১০ নৱেম্বৰ(হি.স.)। গুৱাহাটী মহানগৰীৰ শ্ৰীমন্তপুৰত এক মৃতদেহ উদ্ধাৰ কৰা হৈছে । মুখ্যমন্ত্ৰী ভিজিলেন্স কাৰ্যালয়ৰ ওচৰৰ এটা খালৰ পৰা উদ্ধাৰ কৰা হয় ৬৪ বছৰীয়া এজন লোকৰ মৃতদেহ। কেইবাদিনো ধৰি খালটোৰ পানীত ডুব গৈ ব্যক্তিজনৰ মৃত্যু হ’ব পাৰে বুলি
গুৱাহাটী মহানগৰীৰ শ্ৰীমন্তপুৰত মৃতদেহ উদ্ধাৰ


গুৱাহাটী, ১০ নৱেম্বৰ(হি.স.)। গুৱাহাটী মহানগৰীৰ শ্ৰীমন্তপুৰত এক মৃতদেহ উদ্ধাৰ কৰা হৈছে । মুখ্যমন্ত্ৰী ভিজিলেন্স কাৰ্যালয়ৰ ওচৰৰ এটা খালৰ পৰা উদ্ধাৰ কৰা হয় ৬৪ বছৰীয়া এজন লোকৰ মৃতদেহ। কেইবাদিনো ধৰি খালটোৰ পানীত ডুব গৈ ব্যক্তিজনৰ মৃত্যু হ’ব পাৰে বুলি ঘটনাস্থলীত উপস্থিত বিৰুবাৰী থানাৰ তদন্তকাৰী বিষয়া গৰাকী সংবাদ মাধ্যমক অবগত কৰে।

মৃত ব্যক্তি গৰাকীক লখিমপুৰৰ বাসিন্দা মদন মোহন দেউৰী ভৰালী বুলি চিনাক্ত কৰা হৈছে। খবৰ অনুসৰি মৃত ভৰালী মানসিকভাৱে কিছু অসুস্থ আছিল আৰু এলঝেইমাৰৰ দৰে ৰোগত ভুগিছিল। ৬ নৱেম্বৰৰ পুৱা, পুৱা প্ৰায় ৬ বজাত তেওঁ নিৰুদ্দেশ হৈছিল, সেই সময়ত তেওঁৰ যত্ন লোৱা এগৰাকী যুৱতীৰ তত্বাৱধানত এজন আত্মীয়ৰ ঘৰত থাকিছিল।

কৃষি বিভাগৰ অধীনত থকা এখন নাৰ্চাৰীত ভৰালী কৰ্মৰত আছিল, আনহাতে তেওৰ যত্ন লোৱা যুৱতী গৰাকী পূৰ্বে মৃত ব্যক্তি গৰাকীৰ নিজৰ বাসগৃহত কাম কৰিছিল। প্ৰায় ছয় বছৰ ধৰি দুয়োৰে পৰিচিত আছিল। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত মৃত ভৰালী চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত তেওঁৰ মানসিক স্বাস্থ্যৰ কিছু অবনতি ঘটিছিল বুলি প্ৰকাশ পাইছে।

বিৰুবাৰী আৰক্ষীয়ে ইতিমধ্যে মৃত ব্যক্তি গৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদঘাটন কৰিবলৈ তদন্ত আৰম্ভ কৰিছে। মৃত ব্যক্তি গৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে ইতিমধ্যে জিএমচিএইছলৈ প্ৰেৰণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande