এআইইউডিএফ সহ বিভিন্ন দল এৰি ভালেমান সংখ্যালঘু নেতাই যোগদান কৰিলে কংগ্ৰেছত
শ্ৰীভূমি, ১০ নৱেম্বৰ (হি.স.)। এআইইউডিএফ সহ বিভিন্ন দল এৰি ভালেমান সংখ্যালঘু নেতাই যোগদান কৰিলে কংগ্ৰেছত । সোমবাৰে শ্ৰীভূমিৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত জিলা কংগ্ৰেছে আয়োজন কৰা বৃহৎ যোগদান শিবিৰ নামৰ অনুষ্ঠানত সহস্ৰাধিক কৰ্মীয়ে কংগ্ৰেছত যোগদান ক
এআইইউডিএফ সহ বিভিন্ন দল এৰি ভালেমান সংখ্যালঘু নেতাই যোগদান কৰিলে কংগ্ৰেছত


শ্ৰীভূমি, ১০ নৱেম্বৰ (হি.স.)। এআইইউডিএফ সহ বিভিন্ন দল এৰি ভালেমান সংখ্যালঘু নেতাই যোগদান কৰিলে কংগ্ৰেছত । সোমবাৰে শ্ৰীভূমিৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত জিলা কংগ্ৰেছে আয়োজন কৰা বৃহৎ যোগদান শিবিৰ নামৰ অনুষ্ঠানত সহস্ৰাধিক কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে ।

ইয়াৰ মাজত এআইইউডিএফ দলৰ প্ৰাক্তন জিলা সভাপতি আজিজুৰ ৰহমান তালুকদাৰ আৰু কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৌলানা নজমুদ্দিন উল্লেখযোগ্য। অনুষ্ঠানত কিছু সংখ্যাগুৰু লোকেও যোগদান কৰে । কংগ্ৰেছত যোগদান কৰি শ্ৰীভূমিৰ বিশিষ্ট সংখ্যালঘু নেতা আজিজুৰ ৰহমান তালুকদাৰে কয়, এআইইউডিএফ ত্যাগ কৰি বহু দিনৰ পৰাই কংগ্ৰেছত অহাৰ ইচ্ছা আছিল। আজি সেই বাসনা পূৰ্ণ হল ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande