কোকৰাঝাৰত সুলভ মূল্যৰ মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণ আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ
কোকৰাঝাৰ, ১০ নৱেম্বৰ (হি.স.)। ৰাজ্যৰ আন-আন জিলাৰ লগতে কোকৰাঝাৰ জিলাতও আজি ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা নতুন আঁচনিৰ অন্তৰ্গত সুলভ মূল্যৰ দোকানৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA), ২০১৩ৰ উপভোক্তাসকললৈ সুলভ মূল‍্যৰ মচুৰ দাইল, চেনি আৰু নিমখ বিত
কোকৰাঝাৰত সুলভ মূল্যৰ মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণ আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ ।


কোকৰাঝাৰত সুলভ মূল্যৰ মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণ আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ ।


কোকৰাঝাৰত সুলভ মূল্যৰ মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণ আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ ।


কোকৰাঝাৰত সুলভ মূল্যৰ মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণ আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ ।


কোকৰাঝাৰ, ১০ নৱেম্বৰ (হি.স.)। ৰাজ্যৰ আন-আন জিলাৰ লগতে কোকৰাঝাৰ জিলাতও আজি ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা নতুন আঁচনিৰ অন্তৰ্গত সুলভ মূল্যৰ দোকানৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA), ২০১৩ৰ উপভোক্তাসকললৈ সুলভ মূল‍্যৰ মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়।কোকৰাঝাৰ জিলাৰ মুখ্য অনুষ্ঠানটো কোকৰাঝাৰ টাউন কো-অপাৰেটিভ হোলচেল, কোকৰাঝাৰত অনুষ্ঠিত হয় য’ত বিটিচি কাৰ্যবাহী সদস্য দেৰহাছাত বসুমতাৰী প্ৰধান অতিথি হিচাপে উপস্থিত থাকে। তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই মহৎ উদ্যোগৰ প্ৰশংসা কৰি কয় যে উপভোক্তাসকলক সুলভ মূল‍্যত জৰুৰী খাদ্য সামগ্ৰী প্ৰদান কৰাৰ লগতে দোকানী আৰু গ্ৰাহকৰ মাজত পূৰ্ণ স্বচ্ছতা ৰক্ষা কৰা হ’ব। লগতে বিটিচি এমচিএলএ ধনেশ্বৰ গোয়াৰী, সংযুক্ত সচিব ৰক্তিম বুৰাগোহাইণ আৰু আন বহুতো বিশিষ্ট অতিথি অনুষ্ঠানত উপস্থিত থাকে।

জিলাৰ সদৰ, গোঁসাইগাঁও আৰু পৰ্বতঝৰা তিনিটা মহকুমাত একে সময়তে মুঠ পাঁচটা স্থানত আনুষ্ঠানিক অনুষ্ঠান আয়োজন কৰা হয়। লগতে ৰাজ্যিক কাৰ্যসূচীটো জিলাৰ ১০৯৮খন সুলভ মূল্যৰ দোকানত লাইভ ষ্ট্ৰীমিংৰ মাধ্যমেৰে প্ৰসাৰণ কৰা হয়।

এই আঁচনিৰ মাধ্যমেৰে কোকৰাঝাৰ জিলাৰ ২,৩০,২৭৯খন ৰেচন কাৰ্ডধাৰী পৰিয়ালৰ ৮,৩৪,৯৯১জন উপভোক্তা লাভান্বিত হ’ব বুলি জানিব পৰা গৈছে। প্ৰতিখন ৰেচন কাৰ্ডধাৰীয়ে প্ৰতি মাহে ১ কেজি মচুৰ দাইল, ১ কেজি চেনি আৰু ১ কেজি নিমখ সুলভ মূল‍্যত লাভ কৰিব। নৱেম্বৰ আৰু ডিচেম্বৰ ২০২৫ৰ বাবে অনুমোদিত মূল্য হৈছে মচুৰ দাইলৰ বাবে ₹৬৯, চেনিৰ বাবে ₹৩৮ আৰু নিমখৰ বাবে ₹১০। আগন্তুক জানুৱাৰী মাহৰ পৰা এই সামগ্ৰীসমূহৰ সংশোধিত মূল্য হ’ব মচুৰ দাইল ₹৬০, চেনি ₹৩০ আৰু নিমখ ₹১০। আঁচনিটো আজিৰ পৰা আৰম্ভ হৈ মে ২০২৬লৈ চলি থাকিব। প্ৰাৰম্ভিক মাহৰ বিতৰণ কাৰ্যসূচী আজিৰ পৰা ১৯ নৱেম্বৰলৈকে “বিশেষ অন্ন সেৱা দিন” হিচাপে পালন কৰা হ’ব। তাৰপিছত ডিচেম্বৰ মাহৰ পৰা প্ৰতিমাহৰ ১ তাৰিখৰ পৰা ১০ তাৰিখলৈকে “অন্ন সেৱা দিন”ৰ অধীনত নিয়মিতভাৱে বিতৰণ কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande