
মানকাচৰ,১০ নৱেম্বৰ (হি.স.)। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি সুখচৰ সমবায় সমিতিত অন্নসেৱা সপ্তাহ পালন কৰে। এই উপলক্ষে সমবায় সমিতিৰ ডিলাৰ সকলে সভা সমিতি পাতে আৰু সুলভ মূল্যৰ সা সামগ্ৰী সমূহ ডাইল ; চিনি আৰু নিমখ ১ তাৰিখৰ পৰা ১ তাৰিখৰ ভিতৰত ডিলাৰ সকলৰ পৰা গ্ৰাহক সকলক ক্ৰয় কৰি লৈ যাবলৈ অনুৰোধ জনায়।
আজি সুখচৰ সমবায় সমিতি প্ৰাংগনত যথেষ্ট মানুহ ভিৰ কৰি থকা পৰিলক্ষিত হয় আৰু উক্ত সামগ্ৰী সমূহ ডিলাৰৰ পৰা ক্ৰয় কৰি লৈ যায় বুলি ডিলাৰ স্বপন কুমাৰ সাহাই জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীৰ এই বিশেষ আঁচনিৰ ফলত সৰ্বসাধাৰণ ৰাইজে যথেষ্ট উপকৃত হ'ব বুলি জানিবলৈ দিয়ে। আজিৰ এই অনুষ্ঠানটো গোটেই অসমৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন ঠাইত চলি আছে জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ