
শোণিতপুৰ, ১০ নৱেম্বৰ (হি.স.)। ঢেকীয়াজুলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অহা ১২ নবেম্বৰৰ পৰা ১৬ নবেম্বৰলৈ অনুষ্ঠিত হব
চতুৰ্থ বাৰ্ষিক প্ৰবীণ কুমাৰ গগৈ সোঁৱৰণী আন্তঃ জিলা ফুটবল প্ৰতিযোগিতা ২০২৫। সংবাদমেল সম্বোধন কৰি এই বিষয়ে সদৰী কৰে উদ্যোক্তা সকলে ৷
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ আয়োজনত অহা ১২ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি, অসমৰ প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী তথা অসম ফুটবল সন্থাৰ প্ৰাক্তন সভাপতি প্ৰবীণ গগৈ দেৱৰ সোঁৱৰণত প্ৰতি বছৰে আন্তঃ জিলা ভিত্তিত এখন ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহাৰ সমান্তৰালভাৱে
এই বেলি প্ৰতিযোগিতা খন অহা ১২ নবেম্বৰৰ পৰা ১৬ নবেম্বৰলৈকে ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ আৰু ঢেকিয়াজুলি হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'ব।
প্ৰতিযোগিতা খনত অসমৰ মুঠ ১৬ টা দলে অংশগ্ৰহণ কৰিব ৷বিজয়ী দলক এক লাখ নগদ ধনেৰে পুৰস্কৃত কৰাৰ লগতে বিজিত দলক পঞ্চাশ হেজাৰ টকা নগদ ধনেৰে পুৰস্কৃত কৰা হব ৷অহা বাৰ তাৰিখে অনুষ্ঠিত হবলগীয়া ফুটবল প্ৰতিযোগিতা খনৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকিব আন্তৰাষ্ট্ৰীয় ফুটবলাৰ তথা অসমৰ অন্যতম এগৰাকী ফুটবলৰ যাদুকৰ স্বাধীন ডেকা ৰজাৰ লগতে উপস্থিত থাকিব অসমৰ কেইবা গৰাকীও বিশিষ্ট ব্যক্তি আৰু খেলুৱৈ ৷সকলো ৰাইজৰ সহায় সহযোগীতা কামনা কৰিছে উদ্যোক্তা সকলে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু