
কুৱালালামপুৰ, ১০ নৱেম্বৰ (হি.স.)। থাইলেণ্ড-মালয়েছিয়া সীমান্তৰ সমীপত ৰহিংগীয়াক কঢ়িয়াই অনা এখন নাও ডুব যোৱাৰ ফলত কমেও ১১ জন লোকৰ মৃত্যু হৈছে।
সোমবাৰে মালয়েছিয়াৰ বিষয়াসকলে এই কথা ঘোষণা কৰে। তেওঁলোকে জনোৱা মতে, এখন নাওত প্ৰায় ৭০ জন ৰোহিংগীয়া আছিল, আনহাতে আন এখন নাওত প্ৰায় ২৩০ জন লোক আছিল।কিন্তু আনখন নাওৰ যাত্ৰীসকলৰ ভাগ্য বৰ্তমান জানিব পৰা হোৱা নাই।
মালয়েছিয়াৰ সামুদ্ৰিক বলবৎকাৰী সংস্থাৰ এজন বিষয়াই ইয়াত এখন সংবাদমেলত কয় যে উদ্ধাৰকাৰী দলে ৭টা মৃতদেহ আৰু ১৩জন জীৱিত লোক উদ্ধাৰ কৰিছে।
ইফালে, থাইলেণ্ডৰ বিষয়াসকলে ইয়াৰ পূৰ্বেও তেওঁলোকৰ সাহায্য আৰু উদ্ধাৰকাৰী দলে চাৰিটা মৃতদেহ উদ্ধাৰ কৰা বুলি জনাইছিল। বিষয়াসকলে জনোৱা মতে, ২৩০ জন যাত্ৰী কঢ়িয়াই অনা দ্বিতীয়খন নাওৰ সন্ধান অব্যাহত আছে যদিও এতিয়ালৈকে কোনো তথ্য লাভ কৰা হোৱা নাই। ম্যানমাৰৰ বুথিডাউঙৰ পৰা ৰাওনা হৈছিল নাওখন।
ম্যানমাৰত সামৰিক অভ্যুত্থানৰ পিছৰে পৰা ৰোহিংগীয়া সম্প্ৰদায়ে ভাবুকিৰ সন্মুখীন হৈ আহিছে, যাৰ ফলত হাজাৰ হাজাৰ লোকে সাগৰীয় পথেৰে মালয়েছিয়া আৰু অন্যান্য দেশত আশ্ৰয় ল’বলগীয়া হৈছে। কিন্তু বেয়া বতৰ বা চোৰাং ব্যৱসায়ীৰ অৱহেলাৰ বাবে বহু নাও ডুব যায়।
ইফালে ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ সংগঠনসমূহে এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি আঞ্চলিক দেশসমূহৰ পৰা শীঘ্ৰে সহায়ৰ বাবে আবেদন জনাইছে।
हिन्दुस्थान समाचार / অৰৱিন্দ