বিটিচিৰ চল্লিশ পৰিষদীয় সমষ্টিৰ শাসক-বিৰোধী আটাই কেইগৰাকী পাৰিষদৰ আজি শপত গ্ৰহণ
কোকৰাঝাৰ, ০৯ অক্টোবৰ (হি.স.)। বিটিচিৰ চল্লিশ পৰিষদীয় সমষ্টিৰ শাসক-বিৰোধী আটাই কেই গৰাকী পাৰিষদে আজি শপত গ্ৰহণ কৰিব৷ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি পৰিষদীয় বিধানসভা ভৱনত বিটিচিৰ প্ৰটেম স্পীকাৰ ত্ৰিদীপ দৈমাৰীয়ে আটাই কেই গৰাকী পাৰিষদক শপত গ্ৰহণ
বিটিচিৰ চল্লিশ পৰিষদীয় সমষ্টিৰ শাসক-বিৰোধী আটাই কেইগৰাকী পাৰিষদৰ আজি শপত গ্ৰহণ


কোকৰাঝাৰ, ০৯ অক্টোবৰ (হি.স.)। বিটিচিৰ চল্লিশ পৰিষদীয় সমষ্টিৰ শাসক-বিৰোধী আটাই কেই গৰাকী পাৰিষদে আজি শপত গ্ৰহণ কৰিব৷ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি পৰিষদীয় বিধানসভা ভৱনত বিটিচিৰ প্ৰটেম স্পীকাৰ ত্ৰিদীপ দৈমাৰীয়ে আটাই কেই গৰাকী পাৰিষদক শপত গ্ৰহণ কৰাব ৷ এই উপলক্ষে সজাই-পৰাই তোলা হৈছে বিটিচি সচিবালয়ৰ লগতে বিটিচি পৰিষদীয় বিধানসভা ভৱন ৷

উল্লেখ্য যে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ আঠাইশ গৰাকী, প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ সাত গৰাকী আৰু বিজেপি দলৰ পাঁচ গৰাকী পাৰিষদে আজি শপত গ্ৰহণ ল’ব । আনহাতে অহা তেৰ অক্টোবৰত কাৰ্য্যৱাহী সদস্য সকলক শাসকীয় দলে বাছনি কৰাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত ৫ অক্টোৱৰ গঠন কৰা হৈছিল বিটিচিৰ নতুন পৰিষদ। সেইদিনাই চতুৰ্থবাৰৰ বাবে মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰে মহিলাৰীয়ে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande