হেৰ’ইন আৰু চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ এটা দুৰ্ধৰ্ষ চোৰ
গুৱাহাটী, ০৯ অক্টোবৰ (হি.স.)। এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই গুৱাহাটীৰ চান্দমাৰী আৰক্ষীয়ে চুৰি সামগ্ৰীসহ এটা কুখ্যাত চোৰক গ্ৰেপ্তাৰ কৰে। বৃহস্পতিবাৰে অসম আৰক্ষী মুখ্য কাৰ্যালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি চান্দমাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্ত
गुवाहाटीः प्रतिबंधित हेरोइन, चोरी के आभूषण एवं नगद रुपये के साथ गिरफ्तार शातिर चोर


গুৱাহাটী, ০৯ অক্টোবৰ (হি.স.)। এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই গুৱাহাটীৰ চান্দমাৰী আৰক্ষীয়ে চুৰি সামগ্ৰীসহ এটা কুখ্যাত চোৰক গ্ৰেপ্তাৰ কৰে।

বৃহস্পতিবাৰে অসম আৰক্ষী মুখ্য কাৰ্যালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি চান্দমাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত পদক্ষেপ গ্ৰহণ কৰি মিণ্টু ৰহমান (৩১)ক গ্ৰেপ্তাৰ কৰে। গুৱাহাটীৰ চান্দমাৰী থানাৰ সীমাৰ অন্তৰ্গত জ্যোতিনগৰৰ গণেশ নগৰত থকা ৪৬ নম্বৰ ভাড়াঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰহমানক।

আৰক্ষীয়ে অভিযুক্তৰ পৰা নিষিদ্ধ সামগ্ৰী, অন্যান্য সামগ্ৰী, গহণা, নগদ ধন উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে দুটা চাবোনৰ বাচনত প্লাষ্টিকৰ পেকেটত লুকুৱাই থোৱা ১২৬.২ গ্ৰাম হেৰ’ইন, ক’লা পলিথিনত লুকুৱাই থোৱা ৭৭টা প্লাষ্টিকৰ শিশি, ৬৭৭টা খালী শিশি, ৬টা মোবাইল হেণ্ডছেট, ৮৯.৮ গ্ৰাম সোণৰ গহণা, ৩৬.২৩ গ্ৰাম ৰূপৰ গহণা, মুঠ ১,৩৮,২৩০০ টকা নগদ ধন আৰু চাৰিটা গহণা বিল। আৰক্ষীয়ে প্ৰথম তথ্য প্ৰতিবেদন (এফ আই আৰ) পঞ্জীয়ন কৰি অভিযুক্তক অধিক জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande