গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ দায়ৰং গাঁৱত নিশা বাহন সহ দুই চোৰ আটক
গোৱালপাৰা, ০৯ অক্টোবৰ (হি.স.)। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ দায়ৰং গাঁৱত যোৱা কালি বুধবাৰে নিশা বাহন সহ দুটা চোৰ আটক কৰা হয় ৷ আটকাধীন চোৰ দুটা কৃষ্ণাইৰ চকুধোৱাৰ বুলি জানিব পৰা গৈছে ৷ জানিব পৰামতে, ৰবৰ শ্বীট চুৰি কৰিবলৈ আহি বাহনসহ ধৰা পৰে চোৰ দু
গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ দায়ৰং গাঁৱত নিশা বাহন সহ দুই চোৰ আটক


গোৱালপাৰা, ০৯ অক্টোবৰ (হি.স.)। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ দায়ৰং গাঁৱত যোৱা কালি বুধবাৰে নিশা বাহন সহ দুটা চোৰ আটক কৰা হয় ৷ আটকাধীন চোৰ দুটা কৃষ্ণাইৰ চকুধোৱাৰ বুলি জানিব পৰা গৈছে ৷

জানিব পৰামতে, ৰবৰ শ্বীট চুৰি কৰিবলৈ আহি বাহনসহ ধৰা পৰে চোৰ দুটা। প্ৰাপ্ত তথ্য অনুসৰি কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত দায়ৰং গাঁৱত মাজনিশা তিনিটা চোৰে এখন বাহনেৰে ৰবৰ শ্বীট চুৰি কাণ্ড সংঘটিত কৰিছিল ৷ ইয়াৰ পিছত স্থানীয় ৰাইজে বাহন সহ চোৰ দুটাক হাতে লোটে আটক কৰে যদিও এটা চোৰ পলাই যাবলৈ সক্ষম হয় ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হোৱাত স্থানীয় ৰাইজে বাহন সহ চোৰ দুটাক কৃষ্ণাই আৰক্ষীক চমজাই দিয়ে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande