শোণিতপুৰ, ০৯ অক্টোবৰ (হি.স.)। তেজপুৰ স্থিত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য শম্ভুনাথ সিঙৰ স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে দেশৰ ৰাষ্ট্ৰপতি ,প্ৰধানমন্ত্ৰী ,ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত তেজপুৰ নাগৰিক সমাজৰ। উপাচাৰ্য্য শম্ভুনাথ সিঙৰ স্বেচ্ছাচাৰীত ,উপাচাৰ্য্য গৰাকীৰ আশীৰ্বাদ পুষ্ট একাংশ বিষয়া ,অধ্যাপকে চলোৱা লুন্ঠন ,অৰাজকতা তথা লুটপাতৰ বিৰুদ্ধে বিগত ২২ ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়ৰ চৌহদত শিক্ষাৰ্থী ,শিক্ষক আৰু কৰ্মচাৰীৰ ব্যাপক প্ৰতিবাদৰ সৈতে চামিল হৈ পৰিল তেজপুৰৰ নাগৰিক সমাজ । বিশ্ববিদ্যালয় খনক সুৰক্ষা প্ৰদান কৰিবলৈ এইবাৰ আগবাঢ়ি আহিল তেজপুৰৰ বৃহত্তৰ নাগৰিক সমাজ ।
তেজপুৰৰ নাগৰিক সকলক লৈ তেজপুৰৰ নাগৰিক সমাজে কালি বিয়লিৰ পৰা তেজপুৰ সাহিত্য সভা ভৱনত আহ্বান কৰা সভাই জনতাৰ শিল্পী, অসমীয়া জাতীয় জীৱনৰ প্ৰাণস্বৰূপ জুবিন গাৰ্গৰ অকল্পনীয় ৰহস্যজনক মৃত্যুৰ পিছত তেজপুৰ বিশ্ববিদ্যালয় চৌহদত উদ্ভৱ হোৱা অবাঞ্চিত পৰিস্থিতিৰ লগতে কৰ্মৰত উপাচাৰ্য্য গৰাকীৰ অসম বিৰোধী স্থিতি,আচৰণ আৰু বিদ্যাৰ্থী,শিক্ষক সমাজ আৰু কৰ্মচাৰী সকলৰ প্ৰতি প্ৰদৰ্শন কৰা অভব্য ব্যৱহাৰৰ বিষয়ে গভীৰ ভাৱে আলোচনা কৰে আৰু এই ঘটনাৰ সমান্তৰালকৈ উন্মোচিত হোৱা উপাচাৰ্য্য গৰাকীৰ অনিয়ম আৰু দুৰ্নীতি সম্পৰ্কে বিশদভাৱে বিচাৰ বিবেচনা কৰি এলানি ৰাজহুৱা কাৰ্য্যসূচী লবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
ড০ ভুবনেশ্বৰ চহৰীয়াৰ পৌৰাহিত্যত তেজপুৰৰ সকলো সামাজিক -সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিনিধিৰ সৈতে তেজপুৰৰ বিদ্বৎ সমাজৰ বহু কেইগৰাকী ব্যক্তিয়ে বিশ্ববিদ্যালয় খনত উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰি বিশ্ববিদ্যালয় খনৰ সুৰক্ষাৰ বাবে দায়ৱদ্ধতাৰে সকলো আগবাঢ়ি অহাৰ মতামত ব্যক্ত কৰে ৷
ইয়াৰ পিছতেই তেজপুৰৰ সকলো অনুষ্ঠানৰ প্ৰতিনিধিৰ লগতে বিশিষ্টজনে আগবঢ়োৱা ভাষণৰ পিছতেই সভাই গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰি তিনিদিনৰ ভিতৰত জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতি ,প্ৰধানমন্ত্ৰী ,ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰি শিক্ষাৰ্থী ,শিক্ষক আৰু কৰ্মচাৰীৰ আন্দোলনলৈ সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা