তেতেলীয়া লালমাটিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
তেতেলীয়া লালমাটিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,,
তেতেলীয়া লালমাটিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,,


তেতেলীয়া লালমাটিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,,


কামৰূপ, ০৯ অক্টোবৰ (হি.স.)। কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত তেতেলীয়া লালমাটিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন চাইকেল আৰোহী।

জানিব পৰা মতে জাগীৰোডৰ পৰা গুৱাহাটী অভিমুখী পথচোৱাত চাইকেলেৰে গৈ থকা অৱস্থাত লোকজনক মহতিয়াই থৈ যায় অচিনাক্ত বাহনে। নিহত লোকজন স্থানীয় ভবেন বড়ো বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা অচিনাক্ত বাহন খনৰ সন্ধান চলাইছে আৰক্ষীয়ে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত ক্ষেত্ৰী যান-বাহন আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। পিছত মৃত লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande