কাছাৰ, ০৯ অক্টোবৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিলচৰৰ অন্যতম ব্যস্ত এলেকা কেপিটেল পইণ্টৰ পৰা ৰঙাৰখাদী পইণ্টলৈ এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে।
মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে এই সমগ্ৰ অঞ্চলটো শিলচৰৰ এক অত্যন্ত জনবহুল অংশ, আৰু এই প্রকল্পই জনসাধাৰণক যথেষ্ট সকাহ দিব ৷ এলিভেটেড কৰিডৰৰ ফলত যান-জঁট হ্ৰাস পাব, গুৰুত্বপূৰ্ণ স্থানলৈ যাত্ৰাৰ সময় কম হ’ব, আৰু অঞ্চলটোত বাণিজ্যিক কাৰ্যকলাপ বৃদ্ধি পাব।
এই চৰকাৰী পদক্ষেপক শিলচৰ চহৰৰ পৰিবহণ আন্তঃগাঁথনি আধুনিকীকৰণৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।
মন কৰিবলগীয়া যে শেহতীয়াকৈ অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত শিলচৰৰ এই পৰিকল্পনা চূড়ান্ত কৰা হৈছিল। মুখ্যমন্ত্রী শৰ্মাই আজি ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কথাটো পুনৰ উল্লেখ কৰে ৷
हिन्दुस्थान समाचार / Manoj Kumar Saikia