ধুবুৰী, ০৯ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰাৰ ঘটনা। বয়োবৃদ্ধ ৬০ বছৰ উৰ্ধৰ বৃদ্ধাৰ কামনাৰ বলি হৈছে এগৰাকী নাবালিকা ছোৱালী। মানসিক বিকাৰগ্ৰস্ত নাৱালিকা জনীক ধৰ্ষণৰ চেষ্টা চলায় লম্পট বৃদ্ধাজনে।
প্ৰাপ্ত তথ্য়মতে, টকাৰ লালচ দেখুৱাই যোৱা কালি বুধবাৰে বিয়লি ঘৰত প্ৰবেশ কৰি এগৰাকী মানসিক বিকাৰ গ্রস্থ নাবালিকা ছোৱালীক বল পূৰ্বক ভাৱে ধৰ্ষণৰ চেষ্টা চলায় লম্পটটোৱে । পিছে স্থানীয় ৰাইজে লম্পট বৃদ্ধা গৰাকীক ধৰি বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটাত বান্ধি ৰাখি আৰক্ষীক খবৰ দিয়ে।লম্পট গৰাকীৰ নাম সুকুমাৰ সাহা বুলি জানিব পৰা গৈছে। সুভাষ পল্লিৰ বাসিন্দা লোকজনে মানসিক বিকাৰগ্ৰস্ত নাৱালিকা জনীক ধৰ্ষণৰ চেষ্টা চলাইছিল । পৰৱৰ্তী সময়ত আৰক্ষীয়েই লম্পট গৰাকীক থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ