নগাঁও, ০৯ অক্টোবৰ (হি.স.): নগাঁও জিলাৰ কলিয়াবৰত যোৱাকালি বুধবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আহত হয় আন দুজন লোক। বাইক আৰু ডি আই বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে । ডি আই বাহনৰ খুন্দাত চিটিকি পৰে তিনি বাইক আৰোহী। কলিয়াবৰৰ গোমোঠাগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।
জানিব পৰামতে, কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা অভিমুখী এএছ ২৫ ইচি ৩২২৪ নম্বৰৰ ডি আই বাহন খনে আন এখন বাহনক অতিক্ৰম কৰিব গৈ প্ৰচণ্ড বেগত খুন্দা মাৰে এএছ ০২ এক্স ১৪৩২ নম্বৰৰ বাইক খনত। এই দুৰ্ঘটনাত বাইক আৰোহী তিনি যুৱক আহত হয়। ঘটনা স্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত তিনি যুৱকক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসালয়তএজন যুৱকৰ মৃত্যু হয়। নিহত যুৱক জনৰ নাম বিপুল গঞ্জু বুলি আৰক্ষীয়ে জানিব দিয়ে। আহত আন দুজন যুৱকৰ নাম ক্ৰমে বিতোপন উৰাঙ আৰু নকুল গঞ্জু বুলি জানিব পৰা গৈছে। যুৱক তিনিওৰে ঘৰ কলিয়াবৰৰ টপাহোলাত আছিল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ