কামৰূপ, ০৯ অক্টোবৰ (হি.স.)।
ৰঙিয়া ৰে'ল জংচনত যোৱা কালি বুধবাৰে নিশা উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ হেৰ'ইন । এই সন্দৰ্ভত দুজন সৰবৰাহকাৰীক আটক কৰা হৈছে। ৰঙিয়া ৰে'ল জংচনত নামনিমুৱা লোকমান্য তিলক এক্সপ্ৰেছত নিয়মীয়া তালাচি কৰা সময়ত হেৰ'ইন সহ দুজন ব্যক্তিক আটক কৰে ৰঙিয়া ৰে'ল আৰক্ষীয়ে ।
উল্লেখ্য যে ৪ টাকৈ চাবোনৰ বাকচত ৪৮ গ্ৰাম হেৰ'ইন লৈ সৰবৰাহৰ চেষ্টা চলাইছিল বিহাৰৰ বৈচালী জিলাৰ চন্দন কুমাৰ আৰু অশ্বীনী কুমাৰ নামৰ লোক দুজনে । জব্দকৃত হেৰ'ইন খিনিৰ বজাৰমূল্য প্ৰায় ১৬ লাখ টকা ।গুৱাহাটীৰ কোনো অজ্ঞাত লোকে চন্দন কুমাৰ আৰু অশ্বীনী কুমাৰক যোগান ধৰিছিল এই হেৰ'ইনখিনি । আটকাধীন সৰবৰাহকাৰী দুজনে হেৰ'ইন খিনি সৰবৰাহ কৰা বুলি স্বীকাৰোক্তি দিয়ে । সম্প্ৰতি ৰঙিয়া ৰে'ল আৰক্ষীয়ে দুই অভিযুক্তক অধিক তথ্যৰ বাবে সোধাপোচা অব্যহত ৰাখিছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা