ডিগবৈত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন
তিনিচুকিয়া, ০৯ অক্টোবৰ (হি.স.)। অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়ানৰ পিছত ডিগবৈত ৰাজহুৱা শ্ৰাদ্ধ-শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ডিগবৈ ৰিফাইনেৰী খেল পথাৰত অহা ১২ অক্টোবৰত দিনজোৰা কাৰ্য্যসূচীৰে জাতিৰ পিতা হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰ
ডিগবৈত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰাদ্ধ-শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন।


তিনিচুকিয়া, ০৯ অক্টোবৰ (হি.স.)। অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়ানৰ পিছত ডিগবৈত ৰাজহুৱা শ্ৰাদ্ধ-শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

ডিগবৈ ৰিফাইনেৰী খেল পথাৰত অহা ১২ অক্টোবৰত দিনজোৰা কাৰ্য্যসূচীৰে জাতিৰ পিতা হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰাদ্ধ-শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ব। আই অ' চি এল (এ অ' ডি) ঠিকাদাৰ সন্থাৰ উদ্যোগত আৰু ডিগবৈবাসী ৰাইজৰ প্ৰত্যক্ষ সহযোগত অনুষ্ঠিত হ'বলগীয়া শ্ৰাদ্ধ অনুষ্ঠানত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা, ৰাজহুৱা নাম প্ৰসংগ, কীৰ্তন পাঠ,দিহানাম আৰু দহজোৰা গায়ন-বায়ন পৰিবেশন আৰু সন্ধিয়া জুবিন গাৰ্গলৈ গীত-মাত -কবিতাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মায়াবিনী অনুষ্ঠিত হ'ব।

এক সংবাদ মেলৰ জৰিয়তে এই বিষয়ে ঘোষণা কৰে জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন সমিতিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande