ডিব্ৰুগড়, ০৯ অক্টোবৰ (হি.স.)। আগন্তক সোনোৱাল কছাৰী স্বায়ত্ত শাষিত পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাৰ বাবে প্রস্তুত আৰম্ভ কৰিছে ৰাজ্যিক সমিতিয়ে।
ডিব্ৰুগড় সভাস্থলীৰ পৰা এক বিজ্ঞপ্তিৰ জৰিয়তে ৰাজ্যিক মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে জনাই যে, আজি ডিব্ৰুগড় দলৰ ৰাজ্যিক বৰ্ধিত বিষয়ববীয়া সভাৰ পূৰ্বে সোনোৱাল স্বায়ত্ত শাষিত পৰিষদীয় এলেকাৰ গোলাঘাট, যোৰহাট,শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজী, লক্ষীমপুৰ, ঢকুৱাখানা আৰু মাজুলীৰ দলৰ সাংগঠনিক জিলাৰ সভাপতি সকলৰ সৈতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী ৰনোজ পেগু, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, ৰাষ্ট্ৰীয় প্রভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাধাৰণ সম্পাদক ক্ৰমে দিপ্লু ৰঞ্জন শৰ্মা, পল্লৱলোচন দাস,ঋতুপৰ্ণ বৰুৱা আৰু অনুপ বৰ্মণৰ উপস্থিতিত সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ আগস্তক নিৰ্বাচনৰ সম্পৰ্কে বিষদ আলোচনাত মিলিত হয়। নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাৰ সংকল্প লয়।
দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বৰ্ধিত ৰাজ্যিক বিষয়ববীয়া সভাৰ প্রথম সত্ৰ খনত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা উপস্থিত থাকে আৰু বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ সন্দৰ্ভত বিশদ আলোচনাত মিলিত হয়।
বৰ্ধিত ৰাজ্যিক বিষয়ববীয়া সভাৰপাছত দলৰ কৰ্ণধাৰ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতিদিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় প্রভাৰী হৰিশদ্বিবেদীকে প্ৰমুখ্য কৰি কৰ্ণধাৰ সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকিব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ