লিফট বন্ধ হৈ থকা বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ৰোগীৰ মাজত হাহাকাৰৰ সৃষ্টি
ধুবুৰী,০৯ অক্টোবৰ (হি.স.)। ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ৰোগীৰ মাজত হাহাকাৰৰ সৃষ্টি। ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ডায়েলাইচিচ চিকিৎসাৰ বাবে অহা ৰোগীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিবেশৰ। দীৰ্ঘদিন ধৰি বিকল হৈ লিফট বন্ধ হৈ থকা বাবে
লিফট বন্ধ হৈ থকা বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ৰোগীৰ মাজত হাহাকাৰৰ সৃষ্টি


ধুবুৰী,০৯ অক্টোবৰ (হি.স.)। ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ৰোগীৰ মাজত হাহাকাৰৰ সৃষ্টি। ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ডায়েলাইচিচ চিকিৎসাৰ বাবে অহা ৰোগীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিবেশৰ। দীৰ্ঘদিন ধৰি বিকল হৈ লিফট বন্ধ হৈ থকা বাবে ডায়েলাইচিচ কৰাৰ বাবে অহা ৰোগীয়ে কদৰ্যময় পৰিবেশত চিৰি বগাই যাব লাগে দ্বিতীয় মহলাত থকা ডায়েলাইচিচ কক্ষলৈ। ফলত শাৰীৰিক অসুস্থতা বৃদ্ধি পাইছে ডায়েলাইচিচ ৰোগী সকলৰ মাজত।

কিন্তু কোনো কানষাৰ নাই চিকিৎসা মহাবিদ্যালয় কতৃপক্ষৰ। ডায়েলাইচিচ কক্ষলৈ যোৱা চিৰি আৰু ইয়াৰ ওচৰত কোঠা সমূহ কদৰ্যময় ৰূপ ধাৰণ কৰিছে। ইফালে চিকিৎসা মহাবিদ্যালয়ৰ বাতৰি সংগ্ৰহ কৰিবলৈ অহা সাংবাদিকক বাধা প্ৰদান চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত নিয়োজিত চিকিউৰিটি গাৰ্ডৰ। ঘটনাক কেন্দ্ৰ কৰি সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande