পশ্চিম কাৰ্বি আংলং, ০৯ অক্টোবৰ(হি.স.)। পশ্চিম কাৰ্বি আংলং জিলাৰ তাপাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পশ্চিম কাৰ্বি আংলঙৰ তাপাত খাচী দুৰ্বিত্তই আক্ৰমণ চলায় অসম মেঘালয় আন্তৰাজ্যিক সীমান্তৰ সমীপত বসবাস কৰা একাংশ বাসিন্দাক। দুৰ্বিত্তৰ গুলী চালনাত অসমৰ অৰিয়েল তিমুং (৪৮) নামৰ এজন নিহত হোৱা বুলি জানিব পৰা গৈছে।
মূলত ভুমি বেদখল কৰিবলৈ খাচী দুৰ্বিত্তই এইদৰে পৰিকল্পিত ভাবে আক্ৰমণ চলোৱা হৈছিল বুলি জানিব পৰা গৈছে। জিলা প্ৰশাসনে সংবাদ মাধ্যমত ঘটনাটোৰ বিষয়ে নিশ্চিত কৰে। ইফালে ঘটনা স্থলীত উপস্থিত হয় আৰক্ষী। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শুণ্যলৈ গুলিচালনা কৰে। বৰ্তমানো পৰিস্থিতি উত্তেজনা পূৰ্ণ যদিও নিয়ন্ত্ৰণাধীন বুলি কোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ