চিৰাং, ০৯ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ উদ্যোগত সুৰক্ষা সেতুৰ অধীনত চিৰাং জিলা সদৰ কাজলগাঁৱত এদিনীয়া মেগা স্বাস্থ্যমেলা ।
কাজলগাঁৱৰ ইউএন ব্ৰহ্ম কলেজ চৌহদত আয়োজিত আজিৰ এই মেগা স্বাস্থ্য মেলাৰ উদ্বোধন কৰে জিলা আয়ুক্ত যতীন বৰাই । আজিৰ এই মেগা স্বাস্থ্যমেলাত মূলতঃ ৫০ বিধ বিভিন্ন জটিল ৰোগত আক্ৰান্ত ১৮ বছৰৰ অনুৰ্ধ পাঁচ হেজাৰ লৰা ছোৱালীক বিশেষজ্ঞ চিকিৎসক সকলৰ দ্বাৰা প্ৰদান কৰা হব চিকিৎসা সেৱা।
বিভিন্ন জটিল ৰোগত আক্ৰান্ত ১৮ বছৰৰ অনুৰ্ধ লৰা ছোৱালীক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰি স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উপৰি প্ৰয়োজনত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যত লৈ যোৱাৰ সুব্যৱস্থা গ্ৰহণ কৰাৰ লক্ষ্যৰে এই মেগা স্বাস্থ্যমেলাৰ আয়োজন কৰা হৈছে বুলি জিলা আয়ুক্ত যতীন বৰাই জানিবলৈ দিয়ে ।
উল্লেখ্য যে আজিৰ এই মেগা স্বাস্থ্যমেলাত চিকিৎসা সেৱা আগবঢ়াবলৈ গুৱাহাটী মেডিকেল কলেজ, কোকৰাঝাৰ মেডিকেল কলেজৰ উপৰি এপলো চিকিৎসালয়ৰ পৰা হৃদৰোগ বিশেষজ্ঞ, স্নায়ুৰোগ বিশেষজ্ঞ চিকিৎসক সকলৰ উপৰি অন্যান্য ৰোগৰ বিশেষজ্ঞ চিকিৎসক সকলক আমন্ত্ৰণ কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা