নলবাৰীত উপস্থিত হল কেন্দ্ৰীয় ক্ষুদ্ৰ,লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঁঝি
নলবাৰী, ০৯ অক্টোবৰ (হি.স.)। উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঁঝি আজি নলবাৰীত উপস্থিত হয় । নলবাৰীত উপস্থিত হৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচন
নলবাৰীত উপস্থিত হল কেন্দ্ৰীয় ক্ষুদ্ৰ,লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঁঝি


নলবাৰী, ০৯ অক্টোবৰ (হি.স.)। উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঁঝি আজি নলবাৰীত উপস্থিত হয় । নলবাৰীত উপস্থিত হৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাজিয়ে।

বৈঠকত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, জিলা পৰ্যায়ৰ বিভিন্ন বিভাগৰ মুৰব্বী সকল উপস্থিত থাকে। আনহাতে এই পৰ্যালোচনা বৈঠকৰ পিছতে সংবাদ মাধ্যমৰ আগত চৰকাৰৰ বিভিন্ন পদক্ষেপৰ বিষয়ে মন্তব্য আগবঢ়ায় কেন্দ্ৰীয় মন্ত্ৰী জিতনৰাম মাজিয়ে।

উল্লেখ্য় যে ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ (Micro, Small & Medium Enterprises – MSME) খণ্ড অসমৰ অৰ্থনীতিৰ এক গুৰুত্বপূর্ণ অংশ ৷ এই খণ্ডই স্থানীয় ৰোজগাৰ সৃষ্টিৰ লগতে ৰাজ্যৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত বিশেষ ভূমিকা পালন কৰে। কৃষিৰ পাছতেই ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ড (MSME)ই তুলনামূলকভাবে কম মূলধনী ব্যয়ত বৃহৎ নিয়োগৰ সুযোগ সৃষ্টি কৰি একোখন ৰাজ্য তথা দেশৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত যথেষ্ট অৰিহণা যোগাই আহিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande