–বৈশালী জিলাৰ অভিযুক্তৰ ঘৰৰ পৰা উদ্ধাৰ পিষ্টল, বন্দুক, কাৰ্টিজ, আৰু নগদ ধন
নতুন দিল্লী, ০৯ অক্টোবৰ (হি.স.)। বিহাৰৰ বৈশালী জিলাত ২০২৪ চনত সংঘটিত হোৱা অস্ত্ৰ সৰবৰাহৰ গোচৰত এজন অভিযুক্তৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ জব্দ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এনআইএ)। বুধবাৰে সংস্থাটোৱে অভিযুক্ত সন্দীপ কুমাৰ সিনহা ওৰফে ছ’তু লালৰ ঘৰত তালাচী চলাই এটা ৯ এম এম পিষ্টল, ১৮টা সজীৱ কাৰ্টিজ, দুটা পিষ্টল মেগজিন, এটা ডাবল বেৰেল ১২ ব’ৰ বন্দুক, ৩৫টা সজীৱ কাৰ্টিজ, আৰু নগদ ৪.২১ লাখ টকা জব্দ কৰে।
এন আই এৰ তথ্য অনুসৰি সন্দীপ মূল অভিযুক্ত বিকাশ কুমাৰৰ ঘনিষ্ঠ সহযোগী আৰু অবৈধ অস্ত্ৰ সৰবৰাহ নেটৱৰ্কৰ সক্ৰিয় সদস্য। এই গোচৰটো প্ৰথমে বিহাৰ আৰক্ষীয়ে ৰুজু কৰিছিল যেতিয়া এটা একে-৪৭ ৰাইফল আৰু জীৱন্ত কাৰ্টিজ উদ্ধাৰ কৰিছিল। ২০২৪ চনৰ আগষ্ট মাহত এন আই এয়ে তদন্তৰ দায়িত্ব লয়।নাগালেণ্ডৰ পৰা বিহাৰৰ বিভিন্ন প্ৰান্তলৈ অবৈধ অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত এই গোচৰটো।
এতিয়ালৈকে এই গোচৰত বিকাশ কুমাৰ, সত্যম কুমাৰ, দেৱমণি ৰায় ওৰফে অনিশ, আৰু মহম্মদ আহমেদ আনছাৰীক গ্ৰেপ্তাৰ কৰি অভিযোগনামা দাখিল কৰা হৈছে। শেহতীয়াকৈ আন এজন অভিযুক্ত মনজুৰ খানকো গ্ৰেপ্তাৰ কৰা হৈছে আৰু বৰ্তমান তেওঁ পাটনাৰ বেউৰ কাৰাগাৰত বন্দী হৈ আছে।
এনআইএ য়ে উল্লেখ কৰিছে যে অধিক তদন্ত অব্যাহত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া