গহপুৰত বাঁহৰ খুটাত তাঁৰ ওলমাই বিপদ সংকুল বিদ্যুৎ সংযোগ
ৰাইজৰ জীৱনক লৈ হেতালি বাহৰ খুটাত ওলমিছে বিদ্যুৎ তাঁৰ।
গহপুৰত বাঁহৰ খুটাত তাঁৰ ওলমাই বিপদ সংকুল বিদ্যুৎ সংযোগ


বিশ্বনাথ, ০৯ অক্টোবৰ (হি.স.): বিদ্যুৎ সংযোগৰ নামত ৰাইজৰ জীৱনক লৈ গহপুৰৰ বিদ্যুৎ বিভাগে হেতালি খেলিছে বুলি অভিযোগ উঠিছে । গহপুৰত বাঁহৰ খুটাত তাঁৰ ওলমাই বিপদ সংকুল বিদ্যুৎ সংযোগ দিয়া পৰিলক্ষিত হৈছে। গহপুৰ চহৰৰ পৰা মাত্ৰ দুই কিলোমিটাৰ দূৰৈৰ চেঙাই গাঁৱত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। এনদৰে একো একোটা বাহৰ খুটাত উলমি আছে চাৰি-পাঁচ ডাল কৈ বিদ্যুৎ সংযোগৰ পিভিচি তাঁৰ । প্ৰায় ৫০০ মিটাৰ মানৰ দূৰৈৰ পৰা এনেদৰে বাহৰ খুটা দি বিদ্যুৎ তাৰ ওলমাই বিদ্যুৎ সংযোগ কৰিছে ৰাইজে।

অকমান্য বিদ্যুৎ বিভাগৰ গুৰুত্ব হীনতাৰ বাবে ভয়ংকৰ বিপদৰ দিশে আগবাঢ়িছে গহপুৰৰ অদ্ধ শতাধিক পৰিয়াল । হাত ডাঙিলে বিদ্যুৎ তাৰ ঢুকি পোৱা অঞ্চলটোৰ ৰাইজে একমাত্ৰ বিদ্যুৎ পোহৰৰ স্বাৰ্থত মৰনক শৰণ দি ৰাইজে জীৱন কটাব লগিয়া হৈছে ‌। বিদ্যুৎ বিল আদায়ৰ ক্ষেত্ৰত পাৰ্গত বিভাগটোৰ ওচৰত চেঙাই গাঁৱৰ ৰাইজে বহু বাৰ বিদ্যুৎ পৰিবাহী তাঁৰ ওলোমাবলৈ পকী খুটাৰ বাবে আবেদন কৰিও সু-ফল লাভ কৰিব পৰা নাই ‌ । দুখীয়া পৰিয়ালৰ বসতি প্ৰধান অঞ্চলটোৰ ৰাইজে ধন দিৱ নোৱাৰাৰ বাবে পকী খুটাৰ পৰা বঞ্চিত হ’বলগীয়া হোৱা বুলিও অভিযোগ উঠিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande