যোৰহাটত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাৰ জানকী ফাৰ্ম পৰিদৰ্শন
যোৰহাট, ০৯ অক্টোবৰ (হি.স.)। অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই আজি যোৰহাটত জানকী ফাৰ্ম পৰিদৰ্শন কৰে । পশ্চিম যোৰহাটস্থিত জানকী ফাৰ্মত আজি উপস্থিত হয় অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা। প্ৰায় ৮ বিঘা মাটিত ৫০০০ তকৈও অধিক দেশী বিদেশী ফল-ফুলেৰে জাতিস্
যোৰহাটত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা.... জানকী ফাৰ্ম পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে


যোৰহাটত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা.... জানকী ফাৰ্ম পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে


যোৰহাট, ০৯ অক্টোবৰ (হি.স.)। অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই আজি যোৰহাটত জানকী ফাৰ্ম পৰিদৰ্শন কৰে । পশ্চিম যোৰহাটস্থিত জানকী ফাৰ্মত আজি উপস্থিত হয় অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা।

প্ৰায় ৮ বিঘা মাটিত ৫০০০ তকৈও অধিক দেশী বিদেশী ফল-ফুলেৰে জাতিস্কাৰ কৰা আনন্দ আগৰৱালা নামৰ ব্যক্তিগৰাকীৰ ফাৰ্মখনৰ প্ৰতিতো কোণ পৰিদৰ্শন কৰি অভিভূত হয় মন্ত্ৰী গৰাকী। বিভিন্ন প্ৰজাতিৰ ফল ফুলৰ লগতে জাৰ্চী গাই, কুকুৰ, শহাপহু ও পালন কৰিছে পালন কৰিছে ফাৰ্মখনত। মন্ত্ৰীগৰাকীয়ে কয় যে আনন্দ আগৰৱালা এগৰাকী প্ৰকৃতি প্ৰেমী ব্যক্তি তেখেতৰ এই পদক্ষেপে কৃষি ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব। লগতে ২০২৬-২৭ বৰ্ষত এনেধৰণৰ পদক্ষেপৰ বাবে বুজন পৰিমাণৰ উৎপাদন কৰি ৰাজ্যখনক অৰ্থনৈতিকভাৱে টনকিয়াল কৰিব পৰা যাব।

ইয়াৰোপৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে সামাজিক মাধ্যমত চলি থকা চৰ্চা সম্পূৰ্ণ মিছা, এই বৰ্ষত শ্যামকানু মহন্তক অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা কোনো টকা আবণ্টন দিয়া নাই, এয়া পুৰ্বতেহে দিয়া হৈছিল l

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande