কলগাছিয়াৰ কৰাৰকুৰ স্থিত বেকী নদীৰ পকী দলংৰ মাজৰ অংশ এক ফুট তললৈ বহি গৈছে
বৰপেটা, ০৯ অক্টোবৰ (হি.স.)। কলগাছিয়াৰ কৰাৰকুৰত বেকী নদীৰ পকী দলংত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। হঠাৎ দলংৰ মাজ অংশ এক ফুট তললৈ বহি যোৱাত সৃষ্টি হৈছে আতংকৰ। ইতিমধ্যে জিলা প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। অসমৰ ডি ডি এছ কনষ্ট্ৰাকচন কোম্
কলগাছিয়াৰ কৰাৰকুৰ স্থিত বেকী নদীৰ পকী দলংৰ মাজৰ অংশ এক ফুট তললৈ বহি গৈছে


বৰপেটা, ০৯ অক্টোবৰ (হি.স.)। কলগাছিয়াৰ কৰাৰকুৰত বেকী নদীৰ পকী দলংত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। হঠাৎ দলংৰ মাজ অংশ এক ফুট তললৈ বহি যোৱাত সৃষ্টি হৈছে আতংকৰ। ইতিমধ্যে জিলা প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। অসমৰ ডি ডি এছ কনষ্ট্ৰাকচন কোম্পানীয়ে নিৰ্মাণ কৰিছিল দলংখন। প্ৰায় ৭৪ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল দলংখন।

২০১৫ চনত সম্পন্ন কৰা হৈছিল নিৰ্মাণ কাৰ্য। সম্প্ৰতি দলংখনৰ মাজৰ অংশ তলফালে ডাবখাই যোৱাত যাতায়ত ব্যৱস্থা ব্যাহত হোৱাৰ আশংকা কৰিছে ৰাইজে। ইতিমধ্যে প্ৰশাসনে গধূৰ যানবাহন চলাচল বন্ধ কৰি দিছে যদিও অতি শীঘ্ৰে দলংখন মেৰামতি কৰিবলৈ ৰাইজে দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande