লুংথু বি অ পিত অসম আৰক্ষী বেটেলিয়নৰ এজন জোৱানৰ হেৰুওৱা এ কে ৪৭ ৰাইফল উদ্ধাৰ
লুংথু বি অ পিত অসম আৰক্ষী বেটেলিয়নৰ এজন জোৱানৰ হেৰুৱা এটা Ak 47 ৰাইফল উদ্ধাৰ।
লুংথু বি অ পিত অসম আৰক্ষী বেটেলিয়নৰ এজন জোৱানৰ হেৰুওৱা এ কে ৪৭ ৰাইফল উদ্ধাৰ


যোৰহাট, ০৯ অক্টোবৰ (হি.স.): যোৰহাট জিলাৰ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ লুংথু বি অ পিত অসম আৰক্ষী বেটেলিয়নৰ এজন জোৱানৰ হেৰুওৱা এটা এ কে ৪৭ ৰাইফল উদ্ধাৰ কৰা হৈছে । এছ ডি আৰ এফে ভোগদৈ নৈৰ পৰা উদ্ধাৰ কৰে এ কে ৪৭ ৰাইফলটো। মৰিয়নীৰ অসম নাগালেণ্ডৰ সীমান্তৰ লুংথুস্থিত অসম আৰক্ষীৰ সীমান্ত নিৰীক্ষণ চকী (বি অ পি)ৰ পৰা হেৰুওৱা এটা একে ৪৭ ৰাইফল যোৱাকালি বুধবাৰে বিয়লি এসপ্তাহৰ মূৰত উদ্ধাৰ কৰা হয়।

উল্লেখ্য় যে ভোগদৈ নৈৰ পৰা এছ ডি আৰ এফৰ এটা দলে অভিযান চলায় উদ্ধাৰ কৰিবলৈ সক্ষম হয় এ কে ৪৭ ৰাইফলটো। মৰিয়নিৰ মোককচাং পথত থকা লুংথু বি অ’ পি ৰ চৰাঙ বসুমতাৰী নামৰ এজন আৰক্ষী বেটেলিয়েনে সতীৰ্থৰ সৈতে হোৱা সংঘাটৰ পৰিণতিতে ভোগদৈ নদীত নিক্ষেপ কৰিছিল নিজৰ ৰাইফল। পিছত দেৰগাওস্থিত একাদশ অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যলয়ত হাজিৰ হয় অভিযুক্ত আৰক্ষী বেটেলিয়ন চৰাঙ বসুমতাৰী।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande