লক্ষিমপুৰ, ০৯ অক্টোবৰ (হি.স.): লক্ষিমপুৰ জিলাৰ ঢকুৱাখনা বিধান সভা সমষ্টিত অহা ১৫ অক্টোবৰত এটি বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হ’ব। এই স্বাস্থ্য শিবিৰত ১৮ বছৰ তলৰ শিশু আৰু কিশোৰ কিশোৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব । এই স্বাস্থ্য শিবিৰত হৃদযন্ত্ৰ, স্নায়ু, বংশানুক্ৰমিক ৰোগ, যকৃত, বৃক্ক, চকু, নাক-কাণৰ ৰোগকে ধৰি ৫০ বিধৰো অধিক ৰোগৰ নিৰ্ণায়ক পৰীক্ষা কৰিব পাৰিব। বুধবাৰে আবেলি এক সংবাদ মেলৰ জৰিয়তে এই কথা অৱগত কৰে ঢকুৱাখনা সমজিলাৰ আয়ুক্ত সংস্কৃতি সোমামীয়ে।
আয়ুক্তগৰাকীয়ে কয় যে এই শিৱিৰত বিনামূলীয়া পুনৰীক্ষণ, ঔষধ আৰু বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা ৰোগ নিৰ্ণয়ৰ পৰীক্ষা সম্পন্ন হ'ব। ঢকুৱাখনা মহাবিদ্যালয়ত ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ হ’বলগা এই শিৱিৰত লোকসকলে অংশগ্ৰহণ কৰিব পাৰিব। ৰোগ অনুসৰি পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ব্যৱস্থা কৰিব।
উল্লেখ্য় যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰৰ জৰিয়তে অনুষ্ঠিত কৰিছে এই বৃহৎ সমষ্টি ভিত্তিত স্বাস্থ্য শিবিৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ