গোৱালপাৰা, ০৯ অক্টোবৰ (হি.স.)। নামনি অসমৰ গোৱালপাৰা জিলাৰ সুতাৰপাৰাত বাঘৰ আতংক বিৰাজ কৰে। পুৱাৰ ভাগতে সুতাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ ওচৰতে ওলাল এটা লতা মেকুৰী বাঘৰ পোৱালি । নাজিমুদ্দিন আহমেদ নামৰ লোকজনৰ ঘৰৰ পদুলিতে উদ্ধাৰ হয় পোৱালিটো ।
ইফালে খৱৰ পাই শিমলীতোলাৰ বন কৰ্মীৰ এটা দলে ঘটনা স্থলীত উপস্থিত হয় আৰু লতা মেকুৰীৰ পোৱালিটো চমজি লয় । নাজিমুদ্দিন আহমদে জানিবলৈ দিয়া মতে তেওঁৰ ঘৰৰ চিলিঙত আৰু দুটা লতা মেকুৰীৰ পোৱালি আছে । ইপিনে লতা মেকুকৰী কেইটাৰ মাকজনীও অঞ্চলটোত সময়ে -সময়ে ঘূৰি ফুৰে । লতা মেকুৰীৰ পোৱালি উদ্ধাৰ হোৱাৰ ঘটনাৰ পিছত আজি পুৱাৰে পৰা অঞ্চলজুৰি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।এই সন্দৰ্ভত বন বিভাগে বিভাগৰ তৰফৰপৰা বিক্ষিপ্ত ব্যৱস্থা গ্ৰহণ কৰাতো বিচাৰিছে ৰাইজে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা