–জোনাই বিধানসভা সমষ্টিৰ ৩৬,৮৮৬ গৰাকী হিতাধিকাৰীলৈ মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণৰ শুভাৰম্ভ
ধেমাজী, ০৯ অক্টোবৰ (হি.স.)। ৰাজ্যৰ নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ৰূপান্তৰমুখী যাত্ৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত জোনাই বিধানসভা সমষ্টিৰ ৩৬,৮৮৬গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অসমত চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু আইটিআই, কেন্দ্ৰসমূহক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে উন্নীতকৰণ আঁচনিৰ অধীনত ধেমাজি পলিটেকনিকত নিৰ্মাণ কৰা ৱৰ্কশ্বপ আৰু টেক-লেব আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বাস্য অভিযান, অসমৰ অধীনত পঞ্চদশ বিত্তীয় আয়োগৰ স্বাস্থ্য অনুদান আঁচনিৰ পুঁজিৰে ধেমাজি জিলাৰচিমেন চাপৰি উপ-স্বাস্থ্য কেন্দ্ৰত ৩০খন বিচনাযুক্ত সামূহিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।
উল্লেখ্যযোগ্য যে আত্মসহায়ক গোটৰ সদস্যাসকলক গ্ৰাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত প্রতিগৰাকী মহিলা হিতাধিকাৰীক ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজি প্রদানৰ ব্যৱস্থা কৰা হৈছে। জোনাই বিধানসভা সমষ্টিত এই অভিযানৰ অন্তৰ্গত আজি ৩৬.৮৮ কোটিৰো অধিক টকা হিতাধিকাৰীসকলক প্রদান কৰা হয়। এই অভিযানখনৰ জৰিয়তে ৰাজ্য চৰকাৰে কৃষি, পশুপালন, হস্ততাতআৰু হস্তশিল্পকে প্রমুখ্য কৰি আন বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে গাঁওকেন্দ্ৰিক জীৱিকাৰ বিকল্প সম্ভাৱনাৰ প্রসাৰ ঘটাবলৈ লক্ষ্য লৈছে। জোনাই সমষ্টিৰ ৩৬,৮৮৬ গৰাকী হিতাধিকাৰীৰ ভিতৰত ওচৰা-ওচৰিকৈ থকা গাওঁ পঞ্চায়তসমূহত বসবাস কৰা ৭৪ শতাংশ মহিলাই একেধৰণৰ কাম-কাজৰ বাবে এই অভিযানৰ অন্তৰ্গত আবেদন জনাইছে। অভিযানৰ অন্তৰ্গত গাহৰি পালনৰ বাবে ১৪,০৮৫ গৰাকী মহিলাই আবেদন কৰিছে আৰু ইয়াৰ বাবে ১৪.০৮ কোটিৰো অধিক টকা ব্যয় হ’ব। ছাগলী পালনৰ ক্ষেত্রত সমষ্টিটোৰ ৮,৩৪৫গৰাকী মহিলাই আবেদন কৰিছে আৰু এই ক্ষেত্রত সমষ্টিটোৱে ৮.৩৪ কোটিৰো অধিক টকা লাভ কৰিছে। মীনপালনৰ ক্ষেত্রত সমষ্টিটোৰ ১,৭৮০ গৰাকী মহিলাই আবেদন কৰিছে আৰু এই ক্ষেত্রত সমষ্টিটোৱে ১.৭৮ কোটি টকা লাভ কৰিছে। কুকুৰা পালনৰ বাবে ১,৪৫৬ গৰাকী মহিলাই ১.৪৫ কোটিৰো অধিক টকা বিনিয়োগ কৰিব। একেদৰে, হস্ততাত খণ্ডত ৭৫৭ গৰাকী মহিলাই ৭৫ লাখৰো অধিক টকা, গাহৰি ফাৰ্মৰ বাবে ৫১৮ গৰাকীমহিলাই ৫১ লাখৰো অধিক টকা, ছাগলী ফাৰ্মৰ বাবে ৩০৪ গৰাকী মহিলাই ৩০ লাখৰো অধিক টকা আৰু দুগ্ধপালনৰ বাবে ১৮৫ গৰাকী মহিলাই ১৮.৫ লাখ টকাৰ পুঁজি লাভ কৰিছে।
ধেমাজি জিলাৰ জোনাইৰ চিমেন চাপৰি ক্ৰীড়া প্রকল্প খেলপথাৰত এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজিৰ দিনটো তেওঁৰ বাবে বিশেষ আনন্দৰ দিন বুলি উল্লেখ কৰি কয় যে নিৰ্বাচনৰ পূৰ্বে জোনাইবাসীক তেওঁ যি প্রতিশ্ৰুতি দিছিল সেয়া পুৰণ কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে নিৰ্বাচন আহিব আৰু নিৰ্বাচন পাৰ হৈ যাব কিন্তু নিৰ্বাচনৰ নামত কেতিয়াও ৰাইজক মিছা কথা ক’ব নালাগে। তেওঁ কয় যে ৰাজনৈতিক, অৰ্থনৈতিক আৰু বিভিন্ন ক্ষেত্ৰত অসম চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেয়া পালন কৰিবলৈ অহৰহ প্রচেষ্টা চলাই আছে।
মুখ্যমন্ত্ৰীয়ে কয় যে নিৰ্বাচনৰ পূৰ্বে ১ লাখ যুৱক-যুৱতীক কৰ্মসংস্থাপন প্ৰদানৰ তেওঁ যি প্রতিশ্রুতি দিছিল সেয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে তথা কিছুদিনৰ পিছতে পুনৰ যি নিযুক্তি প্ৰদান কৰা হ’ব তাৰ ফলত নিযুক্তিৰ পৰিসংখ্যাই ২ লাখৰ ওচৰ চাপিব। তেওঁ কয় যে অৰুণোদয় আঁচনি আৰম্ভ কৰোতে কংগ্ৰেছ দলে কৈছিল যে নিৰ্বাচনৰ পাছত আঁচনিখন বন্ধ হৈ যাব। কিন্তু অৰুণোদয় বন্ধ হোৱাৰ পৰিৱৰ্তে আঁচনিখনৰ অধীনত প্রদান কৰা ধনৰাশি ৮৫০ টকাৰ পৰা বৃদ্ধি হৈ ১,২৫০ টকা হৈছেগৈ। তদুপৰি এইবাৰ আঁচনিৰ হিতাধিকাৰীসকলক ৰন্ধন গেছ ত্ৰুয়ত সহায় হোৱাকৈ ২৫০ টকাকৈ প্রতিমাহে প্রদান কৰা হ'ব।
মুখ্যমন্ত্ৰী ড’ শৰ্মাই কয় যে দৰিদ্ৰ জনসাধাৰণক বিনামূলীয়া চাউল, ৰেচন কাৰ্ড থকা সকলক বিনামূলীয়া চিকিৎসা, পথ আন্তঃগাঁথনি সবলীকৰণ, ধেমাজিত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ আদিৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰে যি প্রতিশ্রুতি দিছিল সেয়া ৰক্ষা কৰিছে। পূৰ্বে কোনো এখন চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি ১০০ শতাংশ পূৰণৰ বাবে চেষ্টা কৰা নাছিল। কিন্তু তেওঁৰ চৰকাৰে ৰাইজক যি প্রতিশ্ৰুতি দিছে সেয়া পালনত বিশ্বাস ৰাখে।
মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্যাসকলক ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজি প্রদান কৰাটো তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত এক আৰম্ভণিহে বুলি মন্তব্য কৰি তেওঁ কয় যে এই অভিযানখনৰ উদ্দেশ্য যথেষ্ট ব্যাপক আৰু মহৎ ৷ অভিযানখনৰ জৰিয়তে আত্মসহায়ক গোটৰ সদস্যাসকলক লাখপতি বাইদেউৰ শাৰীলৈ লৈ যোৱাটো হৈছে চৰকাৰৰ সংকল্প আৰু প্রতিশ্ৰুতি। এই ক্ষেত্ৰত জোনাই সমষ্টিৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ বাহিৰ জোনাইগাঁও পঞ্চায়তৰ অন্তৰ্গত লুহিজান মাজগাঁৱৰ আত্মসহায়ক গোটৰ সদস্যা মন্দিৰা দেৱী দেউৰী আৰু ৩ নং চিমেন চাপৰি জোনবিৰি আত্মসহায়ক গোটৰ সফলতাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অসমত ৪ লাখ আত্মসহায়ক গোটত ৪০ লাখ মহিলা জড়িত হৈ আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৩ কোটি আত্মসহায়ক গোটৰ মহিলাক লাখপতি বাইদেউৰ শাৰীলৈ লৈ যোৱাৰ লক্ষ্য লৈছে। অসম চৰকাৰে ৰাজ্যৰ ৪০ লাখ আত্মসহায়ক গোটৰ সদস্যাৰ প্ৰত্যেকেই লাখপতি বাইদেউ হিচাপে স্বীকৃত হোৱাটো বিচাৰে। তাৰবাবে চৰকাৰে ৰাজ্যত এটা অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে। ইয়াৰ জৰিয়তে ইমানদিনে ঘৰৰ ভিতৰত সোমাই থকা মহিলাসকলক নিজৰ ভৰিত থিয় দিব পৰাকৈ ঘৰৰ বাহিৰলৈ উলিয়াই আনিছে। আজি আত্মসহায়ক গোটৰ সদস্যাসকলে পৰিয়াল পৰিচালনাত স্বামীক সহায় কৰিব পৰা হৈছে আৰু সন্তানৰ শিক্ষা-দিক্ষাৰ ক্ষেত্ৰতো সহায় আগবঢ়াব পাৰিছে। অসমৰ নাৰী সমাজে সমগ্ৰ ৰাজ্যতে এক অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ব্যক্ত কৰে।
অৰুণোদয় আঁচনিৰ ধনৰাশি যিদৰে বৃদ্ধি হৈ গৈ আছে সেইদৰে উদ্যমিতা পুঁজিৰ জৰিয়তে আগবঢ়োৱা সাহায্য ১০ হাজাৰতে ৰৈ নাযায় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড’ শৰ্মাই কয় যে এই পুঁজি যথাযথভাৱে ব্যৱহাৰ কৰিলে মহিলাসকলে চৰকাৰৰ তৰফৰ পৰা ভৱিষ্যতে আৰু অধিক সুবিধা লাভ কৰিব। অভিযানখনৰ অন্তৰ্গত প্রদান কৰা উদ্যমিতা পুঁজিৰ ব্যৱহাৰ সম্পৰ্কে তেওঁ কয় যে একোটাকৈ আত্মসহায়ক গোটৰ প্রতিগৰাকী সদস্যাই লাভ কৰা পুঁজি যদি একগোট কৰে তেন্তে আত্মসহায়ক গোটটোত ১ লাখ টকা জমা হ’ব। বৰ্দ্ধিত পুঁজিৰে ব্যৱসায় কৰিলে তেওঁলোকে বেংকৰ পৰাও ঋণ লাভ কৰিবলৈ সক্ষম হ’ব। গোটৰ সদস্যাসকলে ব্যক্তিগতভাৱে হাঁহ-কুকুৰা-গৰু আদি পালন কৰি বা গামোচা-কাপোৰ আদি প্রস্তুত কৰিও এই পুঁজি ব্যৱহাৰ কৰিব পাৰে অথবা যিসকল মহিলাৰ স্বামীৰ সৰু-সুৰা ব্যৱসায় বা দোকান আদি আছে তাতো তেওঁলোকে এই পুঁজি বিনিয়োগ কৰিব পাৰে। তেওঁ কয় যে অহা চাৰি- পাচমাহৰ পিছতে এই পুঁজিৰ বিনিয়োগৰ মূল্যাংকন কৰা হ’ব। যিসকল আত্মসহায়ক গোটৰ সদস্যাই উদ্যমিতা পুঁজি উচিতভাৱে ব্যৱহাৰ কৰিব তেওঁলোকে অহা বছৰ ২৫ হাজাৰ টকাকৈ লাভ কৰিব। আনহাতে, যিসকল সদস্যাই ২৫ হাজাৰ টকাৰ সদ ব্যৱহাৰ কৰিব তৃতীয় বৰ্ষত তেওঁলোকক ৫০ হাজাৰ টকাকৈ প্রদান কৰা হ’ব। তেওঁ কয় যে এইদৰে একোগৰাকী গোটৰ সদস্যাই ৮৫ হাজাৰ টকা পৰ্যন্ত উদ্যমিতা পুঁজি লাভ কৰিব পাৰিব। ৰাজ্যৰ ৪০ লাখ মহিলাই ৮৫ হাজাৰ টকাকৈ লাভ কৰিলে অসমৰ গ্ৰাম্য অৰ্থনীতিত নিশ্চিতভাৱে এক যুগান্তকাৰী পৰিৱৰ্তন আহিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
ৰাজ্য চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে গ্ৰহণ কৰিবলৈ আগবঢ়া আন তিনিটা পদক্ষেপৰ কথা উল্লেখ কৰি ড০ শৰ্মাই কয় যে অহা ১ নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থকা পৰিয়ালসমূহে চাউলৰ লগতে দাইল, নিমখ আৰু চেনি সুলভ মূল্যত ৰেচনৰ দোকানত লাভ কৰিব। ৰাজ্যৰ যিসমূহ পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছে তেওঁলোকে ৰন্ধন গেছ ক্ৰয়ৰ বাবে আঁচনিখনৰ অধীনত প্রদান কৰা ১,২৫০ টকাৰ উপৰি অতিৰিক্তভাৱে ২৫০ টকাকৈ লাভ কৰিব। সেইদৰে অৰুণোদয় হিতাধিকাৰীসকলে অহা ফেব্ৰুৱাৰী মাহৰ পৰা আন এক সুবিধালাভ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়। তেওঁ কয় যে একোটা পৰিয়াল ভালদৰে চলিবলৈ যিখিনি প্রয়োজন সেইখিনি পূৰণ কৰি ৰাজ্য চৰকাৰে পৰিয়ালসমূহৰ কষ্ট লাঘৱ কৰিবলৈ চেষ্টা কৰিছে। এই ক্ষেত্রত মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তি, ছাত্ৰীৰ বাবে ৰূপায়ণ কৰা নিযুত মইনা আঁচনি, বিনামূলীয়া পাঠ্যপুথি, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বাইচাইকেল আৰু উচ্চতৰ মাধ্যমিকত ভাল ফলাফল প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলক স্কুটি প্রদানৰ পদক্ষেপ আদিৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে সমগ্ৰ ৰাজ্যৰ লগতে জোনাই সমষ্টিত আজি ভূমি সংস্কাৰ, আন্তঃগাথনি বিকাশ, শিক্ষা, স্বাস্থ্য, জীৱিকা আৰু প্রশাসনিক সংস্কাৰৰ দিশত চকুত লগা পৰিৱৰ্তন হৈছে। তেওঁ কয় যে মিছন বসুন্ধৰা ৩.০ ৰ অধীনত জোনাইৰ ৪৫ খন নন-কেডেষ্ট্ৰেল গীৱক কেডেষ্ট্ৰেল ৰূপে ঘোষণা কৰা হৈছে। ৮১ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত ঘাইপথৰ কামো শীঘ্ৰে সম্পূৰ্ণ হ’বলৈ আগবাঢ়িছে। ৪১.২৫ কোটি টকা ব্যয়েৰে কেৰকেৰৰ পৰা বৰঙলৈ নিৰ্মাণ কৰি থকা মথাউৰিৰ কামো সোনকালে সম্পূৰ্ণ হ'ব। জোনাইত সমজিলা অসামৰিক চিকিৎসালয় মুকলি কৰা হৈছে। সমষ্টিটোৰ শিশুসকলৰ বাবে আধুনিক শিক্ষাৰ শক্তিশালী ভেটি গঢ়িবলৈ নিৰ্মাণ কৰা একলব্য আদৰ্শ আৱাসিক বিদ্যালয়খনো কাৰ্যকৰী কৰা হৈছে। জোনাই উচ্চ মাধ্যমিক বিদ্যালয়, ফ্ৰণ্টিয়াৰ ইউনাইটেড হাইস্কুল আৰু ট্ৰাইবেল গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি ৮ কোটি টকাকৈ পুঁজি ব্যয়েৰে উন্নয়নৰ কাম চলি আছে।
সেইদৰে জোনাই সমষ্টিৰ প্রায় ৩০ হাজাৰ পৰিয়াল অৰুণোদয় ৩.০ত অৰ্ত্তভূক্ত হৈছে, ৪৬,৫০০ টা পৰিয়ালে ৰেচন কাৰ্ডৰ জৰিয়তে খাদ্য সুৰক্ষাৰ নিশ্চয়তা পাইছে তথা সমষ্টিটোৰ ৯,৮৬০ গৰাকী কৃষকে প্ৰধানমন্ত্ৰী কিষান যোজনাৰ ২০ তম কিসন্তি লাভ কৰিছে। সেইদৰে জোনাইত চৰকাৰী আঁচনি আৰু পদক্ষেপসমূহ ৰূপায়ণ অধিক নিখুত কৰিবলৈ নতুনকৈ চিমেন-চিচিটঙানি উন্নয়ন খণ্ড গঠন কৰা হৈছে। আনহাতে উদ্যমিতা পুঁজি বিতৰণৰ সভা অনুষ্ঠিত হোৱা চিমেন চাপৰি ক্ৰীড়া প্রকল্পত এখন ফুটবল ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰি ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে ১৫ কোটি টকা ঘোষণা কৰে।
অসম চৰকাৰে ৰাজ্যবাসীৰ কল্যাণৰ স্বাৰ্থত কাম কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাজ্য চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰ বাবে ধেমাজি আৰু জোনাইক বানপানীৰ কড়াল গ্ৰাসৰ পৰা মুক্ত কৰাটো সম্ভৱ হৈছে। অসমত ওদ্যোগীক বিনিয়োগৰ জৰিয়তে অৰ্থনৈতিক উত্তৰণৰ বাবে পদক্ষেপ লোৱা হৈছে যাতে কৰ্মসংস্থাপন বিচাৰি ৰাজ্যৰ যুৱক-যুৱতীসকল বাহিৰলৈ যাবলগীয়া নহয়। আনহাতে ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ কোনো লোকৰ আৰু শিক্ষাৰ্থীৰ বহিঃৰাজ্যত মৃত্যু হ’লে তেওঁলোকৰ শৱদেহ ঘৰলৈ উভতাই আনিবলৈ শ্ৰদ্ধাঞ্জলি আঁচনিৰ দৰে কল্যাণমূলক আঁচনি গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়। তেওঁ উল্লেখ কৰে যে অসম ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য উঠাৰ দেশেই নহয়, আজি ভাৰতৰ বিকাশৰ কৰ্মযজ্ঞ অসমৰ পৰাই আৰম্ভ হৈছে। অসম চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আৰু মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ দৰে আঁচনি আজি দেশৰ অন্য ৰাজ্যই অনুকৰণ কৰিছে বুলি তেওঁ মন্তব্য কৰে।
আজিৰ অনুষ্ঠানত শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেণ্ড, শক্তি আদি বিভাগৰ মন্ত্ৰী তথা ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী প্ৰশান্ত ফুকন, সাংসদ প্রদান বৰুৱা, স্থানীয় বিধায়ক ভূবন পেণ্ড, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, সোণোৱাল-কছাৰী স্বায়ত্তশীসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, দেউৰী স্বায়ত্তশীসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী প্রমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তি, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ সমন্বিতে বিভাগীয় বিষয়ববীয়াসকল আৰু আত্মসহায়ক গোটৰ চল্লিশ হাজাৰৰো অধিক হিতাধিকাৰী মহিলা উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ