মধ্য প্ৰদেশৰ মহৌৰ ইন্দোৰ-খালঘাট ঘাইপথত দুখন গাড়ীৰ সংঘৰ্ষত অগ্নিকাণ্ড, ৪ গৰাকীৰ মৃত্যু
মহৌ, ০৯ অক্টোবৰ (হি.স.)। মধ্য প্ৰদেশৰ ইন্দোৰ জিলাৰ মহৌত বুধবাৰে গভীৰ নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ইন্দোৰ-খালঘাট ঘাইপথৰ নন্দেদ দলঙৰ সমীপত দুখন গাড়ীৰ সংঘৰ্ষৰ ফলত এখন গাড়ীত অগ্নিকাণ্ড সংঘটিত হয়। এই দুৰ্ঘটনাত চাৰিজন লোক নিহত হয় আৰু ইয়াৰে
इंदौर-खलघाट हाइवे पर दो कारों में टक्कर के बाद लगी आग


মহৌ, ০৯ অক্টোবৰ (হি.স.)। মধ্য প্ৰদেশৰ ইন্দোৰ জিলাৰ মহৌত বুধবাৰে গভীৰ নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ইন্দোৰ-খালঘাট ঘাইপথৰ নন্দেদ দলঙৰ সমীপত দুখন গাড়ীৰ সংঘৰ্ষৰ ফলত এখন গাড়ীত অগ্নিকাণ্ড সংঘটিত হয়। এই দুৰ্ঘটনাত চাৰিজন লোক নিহত হয় আৰু ইয়াৰে দুজন জীৱিত অৱস্থাত অগ্নিদগ্ধ হয়। আন তিনিজনক অগ্নিদগ্ধ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা। বুধবাৰে নিশা ইন্দোৰ-খালঘাট ঘাইপথৰ নন্দেদ দলঙত এই ঘটনা ঘটে। ধমনোদৰ পৰা মনপুৰলৈ গৈ আছিল এখন অমনি ভ্যান, আনহাতে মনপুৰৰ পৰা ধমনোদলৈ গৈ আছিল এখন চুইফট ডিজাইৰ গাড়ী। চুইফট গাড়ীখনে হঠাতে ডিভাইডাৰ পাৰ হৈ সন্মুখৰ পৰা অহা অমনি ভ্যানৰ সৈতে খুন্দা মাৰে। এই সংঘৰ্ষৰ পিছতে অগ্নিকাণ্ড সংঘটিত হয় অমনি ভ্যানখনত। গাড়ীখনত থকা দুজন লোক জীৱিত অৱস্থাত জ্বলি যোৱাৰ বিপৰীতে চুইফট গাড়ীত থকা আন দুজনৰো থিতাতে মৃত্যু হয়।

গাঁৱৰ মানুহে প্ৰথমে সেই স্থানত উপস্থিত হৈ গাড়ীত আবদ্ধ হৈ থকা লোকসকলক উলিয়াই আনে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীও উপস্থিত হৈ জুই নিৰ্বাপন কৰে। গভীৰ নিশালৈকে গাঁওবাসী আৰু আৰক্ষীয়ে মৃত যুৱকজনক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছিল। আহতসকলক ১০৮ এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়লৈ লৈ যোৱা হয়। জুই নিৰ্বাপিত হোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে। দুৰ্ঘটনাটোৰ সৈতে জড়িত গোচৰ ৰুজু কৰিছে বডগোণ্ডা আৰক্ষী থানাত।

বৰগোণ্ডা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰকাশে জনোৱা মতে, দুৰ্ঘটনাত মৃত্যু হোৱা লোক দুজন মনপুৰৰ বাসিন্দা। ইন্দোৰৰ পৰা মনপুৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়। তেওঁলোকৰ গাড়ীৰ পিছফালে ৰং জমা হৈ আছিল, যাৰ বাবে জুই লাগে। জুই দ্ৰুতগতিত তীব্ৰতৰ হৈ পৰে আৰু ফলত লোক দুজন অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে । চাৰিওজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মহৌলৈ লৈ যোৱা হৈছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande