মঙলদৈ ক্লাবৰ উদ্যোগত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন
দি মঙলদৈ ক্লাবৰ উদ্যোগত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন ।
মঙলদৈ ক্লাবৰ উদ্যোগত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন


দৰং, ০৯ অক্টোবৰ (হি.স.): প্ৰতি বছৰৰ দৰে এইবেলিও প্ৰাক স্বাধীনোত্তৰ কালতে প্ৰতিষ্ঠা লাভ কৰা দি মঙলদৈ ক্লাবে আজি উদযাপন কৰে বিশ্ব মানসিক স্বাস্থ্য দিৱস । ৭৫ বছৰীয়া দি মঙলদৈ ক্লাবে বিভিন্ন সময়ত আয়োজন কৰি আহিছে বিভিন্ন সামাজিক কল্যাণ মুখী প্ৰচেষ্টা। সাহিত্যিক ৰামচন্দ্ৰ ডেকাই নিজ ভাষণেৰে উন্মোচন কৰা আজিৰ অনুষ্ঠানত গজেন ভক্ত‌ই বন্তি প্ৰজ্বলনেৰে আজিৰ কাৰ্যসূচী মুকলি কৰে । লগতে ৰামেশ্বৰ চহৰীয়াই সকলোৰে হিযা়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পণেৰে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ মুকলি কৰে ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ব্যৱহাৰিক মনোবিজ্ঞান বিভাগৰ সহযোগী তথা মুৰব্বী অধ্যাপিকা ডাঃ মৈথালী হাজৰিকা আৰু দৰং জিলাৰ জ্যেষ্ঠ চিকিৎসক তথা সমাজ বিশ্লেষক আৰু কৰ্মী ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে মূল বিষয়ৰ ওপৰত মনোজ্ঞ আলোচনা, মত বিনিময় কৰে ।অধ্যাপিকা ডাঃ মৈথালী হাজৰিকাই বিপৰ্যয়, দূৰ্ঘটনা আৰু সংকট পৰিস্থিতিত মানসিক স্বাস্থ্য সেৱা সমূহৰ ওপৰত বিশেষ ভাৱে আলোকপাত কৰাৰ লগতে বৰ্তমান পৰিস্থিতি, জুবিন গাৰ্গৰ বিয়োগ আদি গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ লগতে উপস্থিত লোকৰ সৈতে মত বিনিময় কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande