কামৰূপ, ০৯ অক্টোবৰ (হি.স.)। বাইহাটা চাৰিআলিৰ মদনপুৰ টোলগেটত এক অঘটন সংঘটিত হয়। দাও দাওকৈ জ্বলিল এখন আল্ট্ৰা বাছ। জুবিনৰ সমাধি ক্ষেত্ৰলৈ যাত্ৰী কঢ়িওৱা বাহন এখন জ্বলি চাৰখাৰ হই পৰে। মঙলদৈ দাহিৰ পৰা আহিছিল যাত্ৰী সহ বাছখন। জুবিনক শ্ৰদ্ধাঞ্জলী আৰু ন্যায় প্ৰদানৰ দাবীত যাত্ৰী সকল আহিছিল ।
৬০ গৰাকী যাত্ৰীৰ কোনোলোক হতাহত নহৈ কথমপি প্ৰানৰক্ষা। আলট্ৰা বাছ খনৰ নম্বৰ এএছ ২৫ চি ৩১২৯।
দুৰ্ঘটনাগ্ৰস্থ বাছ খনৰ কোনো বৈদ্য়ুতিক বিসংগতি ঘটি এইদৰে অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা বুলি বাছ খনৰ চালক গৰাকী সংবাদ মাধ্যমত অবগত কৰে। বাছ খনৰ এইদৰে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ফলত কেইবা লাখ টকাৰ ক্ষতি হোৱা বুলি চালক গৰাকী অনুমান কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা