ভাৰত ভুটান সীমান্তৱৰ্তী বাক্সাত অব্যাহত হাতী মানুহৰ সংঘাট
বাক্সা, ০৯ অক্টোবৰ (হি.স.)। ভাৰত ভুটান সীমান্তৱৰ্তী বাক্সাত অব্যাহত আছে হাতী মানুহৰ সংঘাট। ইযাৰ ফলত উজাগৰি নিশা কটাবলৈ বাধ্য হৈছে অঞ্চলবাসী ৰাইজসকলে। প্ৰাপ্ত তথ্য মতে, ভাৰত ভুটান সীমান্ত ৱৰ্তী বাক্সাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বেলতল গাঁৱত বনৰী
ভাৰত ভুটান সীমান্তৱৰ্তী বাক্সাত অব্যাহত হাতী মানুহৰ সংঘাট


বাক্সা, ০৯ অক্টোবৰ (হি.স.)। ভাৰত ভুটান সীমান্তৱৰ্তী বাক্সাত অব্যাহত আছে হাতী মানুহৰ সংঘাট। ইযাৰ ফলত উজাগৰি নিশা কটাবলৈ বাধ্য হৈছে অঞ্চলবাসী ৰাইজসকলে।

প্ৰাপ্ত তথ্য মতে, ভাৰত ভুটান সীমান্ত ৱৰ্তী বাক্সাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বেলতল গাঁৱত বনৰীয়া হাতীয়ে আতংকৰ সৃষ্টি কৰে। যোৱা কালি বুধবাৰে নিশা বন্য হস্তীয়ে ভাঙিলে তিনিটা পৰিয়ালৰ বাস গৃহ। লগতে হাতীৰ জাকে নষ্ট কৰিলে খেতি পথাৰৰ শস্য। বনৰীয়া হাতীৰ বাবেই প্ৰতিটো নিশা উজাগৰি কটাব লাগে অঞ্চলবাসী ৰাইজে। আনহাতে ছাত্ৰ ছাত্ৰী সকলৰো বন্য হস্তীৰ সন্ত্ৰাসৰ বাবে অধ্যয়নত ব্যঘাট জন্মিছে । ইমানৰ পিছটো বন বিভাগে অঞ্চলটোত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। তেওঁলোকৰ বন্য হস্তীৰ সন্ত্ৰাসৰ পৰা মুক্ত কৰিবলৈ চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande