লক্ষিমপুৰ, ০৯ অক্টোবৰ (হি.স.): কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ ৰহস্য়জনক মৃত্য়ুৰ ন্যায়ৰ হকে লক্ষিমপুৰত যোৱা কালি বুধবাৰে সন্ধিয়া কংগ্রেছ দলে প্ৰতিবাদ সাব্য়স্ত কৰে। লক্ষিমপুৰত কংগ্রেছৰ প্ৰতিবাদী মমবাতি সমদল বাহিৰ কৰে। জুবিন গাৰ্গৰ মৃত্য়ুৰ ন্যায়িক তদন্তৰ দাবী কৰে কংগ্ৰেছে।
তদন্ত প্ৰক্ৰিয়াত হেমাহিৰ অভিযোগ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্রেছৰ নেতাসকল। তদন্তৰ আওতালৈ মুখ্যমন্ত্রীৰ পত্নীকো অনাৰ দাবী কৰে কংগ্রেছ নেতা ৰিপুন বৰাি। উল্লেখ্য় যে “কেণ্ডেল লাইট মাৰ্ছ ফৰ জাষ্টিচ’’ ৩ অক্টোবৰ পৰা একেৰাহে দহ দিন ধৰি ৰাজ্যব্যাপী এই প্ৰতিবাদী কাৰ্যসূচী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত চলি আছে । লখিমপুৰৰ এলআইচি কাৰ্যালয়ৰ সন্মুখৰ পৰা বজাৰপট্টি হৈ পুৰণি জিলা পৰিষদৰ কাৰ্য্যালয়লৈকে সমদল কৰি এই কাৰ্যসূচী ৰূপায়ন কৰে লক্ষিমপুৰ জিলা কংগ্ৰেছে।
উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ