ধুবুৰীত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি জিলা কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী মমবাতি সমদল
ধুবুৰীত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি জিলা কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী সমদল - কেণ্ডেল মাৰ্চ।
ধুবুৰীত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি জিলা কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী মমবাতি সমদল


ধুবুৰী, ০৯ অক্টোবৰ (হি.স.): ধুবুৰীত যোৱা কালি বুধবাৰে সন্ধিয়া জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি জিলা কংগ্ৰেছৰ কৰ্মীসকলে বৃহৎ প্ৰতিবাদী মমবাতি সমদল বাহিৰ কৰে। হাতে হাতে মমবাতি লৈ ধুবুৰীৰ ৰাজীৱ ভবনৰ পৰা ধুবুৰী নগৰ লৈ ওলিয়াই এই বৃহৎ মমবাতি সমদল। এই সমদলত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, কংগ্ৰেছ কেন্দ্ৰীয় নেতা এআইচিচিৰ সাধাৰণ সম্পাদক পৃথিৰাজ সাথে, দক্ষিণ শালমাৰাৰ বিধায়ক ৱাযেদ আলী চৌধুৰী, গোলকগঞ্জৰ বিধায়ক ছোবাহান আলী সৰকাৰ উপস্থিত থাকে।

কংগ্ৰেছে কয় যে জুবিন গাৰ্গৰ ন্যায় নোপোৱা লৈকে দলটোৱে চলাই নিব এই প্ৰতিবাদ। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক লৈ বাৰে বাৰে মন্তব্য সলাইছে বুলিও অভিযোগ তোলে সাংসদ ৰকিবুল হুছেইনে। তেওঁ কয় য ২৬ৰ নিৰ্বাচন নহয় তাৰ আগতেই অসমৰ ৰাইজে বিচাৰ কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ । জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়া লেহেমীয়া কৰি আছে মুখ্যমন্ত্ৰীয়ে। কাৰণ মুখ্যমন্ত্ৰীয়ে কথাবোৰ উলিয়াব বিচৰা নাই। জুবিন গাৰ্গক ওপৰৰ জন আৰু ৰাইজে ন্যায় দিব। ইফালে অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰী মাতৃৰ গৰ্ভৰ পৰা কংগ্ৰেছী সকল জন্ম নোলোৱা বুলি কোৱা মন্তব্যৰ বিৰোধিতা কৰি এইবোৰ তৰল মন্তব্য দিয়া ব্যক্তি কেতিয়াও মুখ্যমন্ত্ৰী হ’ব নোৱাৰে বুলিও ভাষ্য আগবঢ়ায় ৰকিবুল হুছেইনে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande